বলীউডৰ অভিনেতা চনু সুদক তেওঁৰ উদাৰতাৰ বাবে সদায় স্বীকৃতি দিয়া হয়। তেওঁক প্ৰায়ে প্ৰয়োজনীয় লোকসকলক সহায় কৰা দেখা যায়।কিন্তু তেওঁৰ সৈতে সম্পৰ্কিত এটা বাতৰিয়ে সকলোকে হতবাক কৰি তুলিছে।
জানিব পৰা মতে লুধিয়ানাৰ এখন আদালতে বৃহস্পতিবাৰে তেওঁৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰত সাক্ষ্য দিবলৈ অস্বীকাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছে। এই গোচৰটো লুধিয়ানাৰ অধিবক্তা ৰাজেশ খান্নাৰ দ্বাৰা দাখিল কৰা হৈছিল।
দৰাচলতে ৰাজেশ খান্নাই মোহিত শুক্লাৰ ওপৰত ১০ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। খান্নাই দাবী কৰিছিল যে শুক্লাই তেওঁক ভুৱা ‘ৰিজিকা’ মুদ্ৰাত বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰিছিল আৰু চনু সুদে এই বিষয়ত সাক্ষ্য দিয়াৰ কথা আছিল।
কিন্তু আদালতৰ দ্বাৰা কেইবাটাও চমন প্ৰেৰণ কৰা স্বত্বেও, অভিনেতাজনে কোনো সঁহাৰি দিয়া নাছিল, যাৰ ফলত ন্যায়াধীশ ৰমনপ্ৰীত কৌৰে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিবলৈ বাধ্য হৈছিল।
লুধিয়ানাৰ ন্যায়িক দণ্ডাধীশ আদালতে মুম্বাইৰ আন্ধেৰী পশ্চিমত অৱস্থিত ওশিৱাৰা আৰক্ষী থানালৈ ৱাৰেণ্ট প্ৰেৰণ কৰিছে।
ৱাৰেণ্টেত নিৰ্দেশ দিছে যে চনু সুদক গ্ৰেপ্তাৰ কৰা হ’ব আৰু আদালতত উপস্থাপন কৰা হ’ব। আদালতৰ আদেশত স্পষ্টকৈ কোৱা হৈছে, চনু সুদলৈ চমন প্ৰেৰণ কৰা হৈছিল, কিন্তু তেওঁ ইয়াক উপেক্ষা কৰিছিল আৰু ইচ্ছাকৃতভাৱে আদালতত হাজিৰ হোৱা নাছিল।
সেয়েহে, চনু সুদক গ্ৰেপ্তাৰ কৰিবলৈ আৰু আদালতত উপস্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আদালতে আৰক্ষীক ১০ ফেব্ৰুৱাৰী, ২০২৫ ৰ ভিতৰত এই ৱাৰেণ্ট কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ বা কিয় কাৰ্যকৰী কৰা হোৱা নাছিল তাৰ স্পষ্ট কাৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে, এই বিষয়টো সন্দৰ্ভত চনু সুদৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।