বুধবাৰে দিল্লীবাসীয়ে নিজৰ চৰকাৰ নিৰ্বাচন কৰিব । ১.৫৬ কোটি ভোটাৰে ৭০খন বিধানসভা আসনৰ বাবে ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ১৩,৭৬৬ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ হ’ব । ইয়াৰ বাবে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । মঙলবাৰে বিয়লি ভোটগ্ৰহণ বিষয়াসকলে ই ভি এম লৈ ভোটকেন্দ্ৰসমূহত উপস্থিত হৈ দায়িত্ব লয় । সৰ্বনিম্ন সংখ্যক প্ৰাৰ্থী পেটেল নগৰ আৰু কস্তুৰবা নগৰত পাঁচজনকৈ প্ৰাৰ্থী হোৱাৰ বিপৰীতে নতুন দিল্লীৰ আসনত ২৩ জন প্ৰাৰ্থী আছে ।
২০ শতাংশ ই ভি এম জৰুৰীকালীন অৱস্থাৰ বাবে সংৰক্ষিত-
বিষয়াসকলৰ মতে, নিৰ্ধাৰিত সময় ৬ বজালৈকে যদি কোনো ব্যক্তি শাৰীত থিয় হয় তেন্তে ভোটদান কৰিব পাৰিব । ইয়াৰ বাবে অতিৰিক্ত সময়ো দিয়া হ’ব । এটা ই ভি এমত মাত্ৰ ১৬ জন প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্ন থাকিব পাৰে । যদিহে অধিক প্ৰাৰ্থী থাকে তেন্তে দ্বিতীয়টো ই ভি এম ৰখা হৈছে । জনকপুৰী আৰু নতুন দিল্লীৰ আসনৰ ভোটকেন্দ্ৰত ব্যৱহাৰ হ’ব দুটা ই ভি এম । বাকী ৬৮খন আসনৰ বাবে কেন্দ্ৰসমূহত এটাকৈ ই ভি এম থাকিব । প্ৰায় ২০ শতাংশ ই ভি এম জৰুৰীকালীন পৰিস্থিতিৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে, যাতে ই ভি এমত কোনো ধৰণৰ বিজুতি বা সমস্যাৰ সৃষ্টি হ’লে তৎক্ষণাত সলনি কৰিব পৰা যায় ।
ভোটাৰ আই ডি কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট-
ভোট দিবলৈ হ’লে ভোটাৰ তালিকাত নাম থকাটো প্ৰয়োজনীয় । ভোটাৰ তালিকাত নাম থাকিলে ভোটাৰ আই ডি কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব । নিৰ্বাচন আয়োগে আন ১২ খন নথি-পত্ৰ আৰু প্ৰমাণপত্ৰক পৰিচয় পত্ৰ হিচাপে ভোটদানৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে । এই নথিসমূহৰ যিকোনো এটাক পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰি ভোটদান কৰিব পাৰি ।
কাইলৈ ৰাজহুৱা বন্ধ-
দিল্লী চৰকাৰে বুধবাৰক চৰকাৰী বন্ধ ঘোষণা কৰিছে । সোমবাৰে চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজহুৱা ঘোষণা কৰি এক নিৰ্দেশ জাৰি কৰিছে । চৰকাৰী বিভাগ, স্থানীয় সংস্থা, ৰাজহুৱা খণ্ডৰ কোম্পানীকে ধৰি সকলো কাৰ্যালয়তে কৰ্মচাৰীৰ বাবে বন্ধ থাকিব, যাতে কৰ্মচাৰীসকলে ভোটদান কৰিব পাৰে ।
ভোটাৰৰ সংখ্যা…
মুঠ ভোটাৰ : ১৫৬১৪০০০
পুৰুষ : ৮৩৭৬১৭৩
মহিলা : ৭২৩৬৫৬০
অন্যান্য : ১২৬৭