এতিয়া বিশ্বৰ দুখন মহাশক্তিধৰ দেশ আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধৰ সূচনা হৈছে । এফালে শনিবাৰে (১ ফেব্ৰুৱাৰী) আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প চৰকাৰে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে । একে সময়তে চীনেও আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লৈ মঙলবাৰৰ পৰা (৪ ফেব্ৰুৱাৰী) আমেৰিকাৰ সামগ্ৰীৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছে ।
আমেৰিকাৰ সামগ্ৰীৰ ওপৰত চীনে আৰোপ কৰা শুল্ক সোমবাৰৰ পৰা (১০ ফেব্ৰুৱাৰী) কাৰ্যকৰী হ’ব । বাতৰি অনুসৰি চীনে আমেৰিকাৰ শুল্কৰ প্ৰতিশোধ হিচাপে নতুন শুল্ক ঘোষণা কৰিছে ।
চীনৰ বিত্ত মন্ত্ৰালয়ে মঙলবাৰে (৪ ফেব্ৰুৱাৰী) আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ৰ পৰা ১৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । বেইজিঙৰ এই শুল্কৰ ফলত আমেৰিকাৰ পৰা চীনলৈ বৃহৎ গাড়ী, পিকআপ ট্ৰাক, খাৰুৱা তেল, এল এন জি আৰু কৃষি সঁজুলি আমদানিত প্ৰভাৱ পৰিব ।
দৰাচলতে চীনে আমেৰিকাৰ পৰা আমদানি কৰা কয়লা, এল এন জি (তৰলীকৃত প্ৰাকৃতিক গেছ)ৰ ওপৰত ১৫ শতাংশ আৰু খাৰুৱা তেল, কৃষি সঁজুলি, পিকআপ ট্ৰাক, উচ্চ নিৰ্গমন বাহনৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ উপৰিও চীনে আমেৰিকালৈ ৰপ্তানি কৰা কিছুমান ডাঙৰ খনিজ পদাৰ্থৰ ওপৰতো নিয়ন্ত্ৰণ আৰোপ কৰিছে ।
গুগলৰ ক্ষেত্ৰতো কঠোৰ ড্ৰেগন-
বাতৰি অনুসৰি চীনে আমেৰিকাৰ টেক জায়ান্ট কোম্পানী গুগলৰ ক্ষেত্ৰতো কঠোৰ হৈ পৰিছে । চীনে এণ্টিট্ৰাষ্ট আইন উলংঘা কৰাৰ সন্দেহত গুগলৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে । দৰাচলতে চীনৰ ষ্টেট এডমিনিষ্ট্ৰেচন ফৰ মাৰ্কেট ৰেগুলেচনে গুগলৰ একচেটিয়া বিৰোধী আইন উলংঘা কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি কয় ।
চীনৰ বাণিজ্য মন্ত্ৰালয়ে দিলে বিবৃতি-
চীনৰ বাণিজ্য মন্ত্ৰালয়ে মঙলবাৰে (৪ ফেব্ৰুৱাৰী) এক বিবৃতিত নিশ্চিত কৰে যে আমেৰিকা ট্ৰাম্প প্ৰশাসনৰ শুল্ক ব্যৱস্থা প্ৰতিহত কৰিবলৈ চীনে বিশ্ব ব্যৱসায় সংস্থাৰ বিবাদ নিষ্পত্তি ব্যৱস্থা আনিছে ।