মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে সোমবাৰে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাৰ অন্তত মেক্সিকোৰ ওপৰত আৰোপ কৰা শুল্ক এমাহৰ বাবে স্থগিত ৰাখিছে । হোৱাইট হাউছে তেওঁৰ বক্তব্য নিশ্চিত কৰিছে । অৱশ্যে কানাডা আৰু চীনৰ আমদানিৰ ওপৰত আৰোপ কৰা শুল্ক অব্যাহত থাকিব ।
‘মেক্সিকোৱে সীমান্তত মোতায়েন কৰিব ১০ হাজাৰ নেশ্যনেল গাৰ্ড’
শ্বেইনবামে ছ’চিয়েল মিডিয়াত লিখিছে যে ফেণ্টানিলৰ দৰে ড্ৰাগছৰ চোৰাং কাৰবাৰ বন্ধ কৰিবলৈ মেক্সিকোৱে সীমান্তত ১০ হাজাৰ নেশ্যনেল গাৰ্ডৰ সৈন্য নিয়োগ কৰিব । ইয়াৰ লগতে আমেৰিকাই মেক্সিকোক আশ্বাস দিছে যে তেওঁলোকে দেশখনলৈ উচ্চ ক্ষমতাসম্পন্ন অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । মেক্সিক’ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু বাণিজ্যৰ ওপৰত আলোচনা অব্যাহত থাকিব আৰু এতিয়া শুল্ক আদায় এমাহৰ বাবে পিছুৱাই দিয়া হৈছে ।
কাইলৈৰ পৰা কাৰ্যকৰী হ’ব কানাডা আৰু চীনৰ বিৰুদ্ধে শুল্ক-
অৱশ্যে কানাডা আৰু চীনৰ বিৰুদ্ধে ট্ৰাম্পে আৰোপ কৰা শুল্ক মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা । ভৱিষ্যতে আমদানিৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে । বাণিজ্যিক চুক্তিসমূহ স্থায়ী হ’ব নে নহয় আৰু এই শুল্কসমূহ বাণিজ্যিক যুদ্ধৰ আৰম্ভণি নেকি সেই সন্দৰ্ভত অনিশ্চয়তা অব্যাহত আছে । সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে ফোনযোগে কথা পাতি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে দুয়োগৰাকী নেতাই পুনৰ ৩ বজাত কথা পাতিব ।
প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ পৰিকল্পনাও পিছুৱাই দিলে মেক্সিকোৱে-
আমেৰিকাৰ এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই কানাডা আৰু মেক্সিকোৱেও শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছিল । অৱশ্যে বৰ্তমান মেক্সিকোৱে এই কাম বন্ধ কৰি দিছে । কানাডাক লৈ ট্ৰাম্পে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে কানাডাত আমেৰিকাৰ বেংকক ব্যৱসায় কৰিবলৈ দিয়া নহয়, যিটো এটা ডাঙৰ বিষয় । ট্ৰাম্পে লগতে কয় যে এইটো ড্ৰাগছ যুদ্ধ আৰু মেক্সিকো আৰু কানাডাৰ পৰা আহি থকা ড্ৰাগছৰ বাবে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে ।
ট্ৰুডোৰ সৈতে ফোনত বাৰ্তালাপ কৰে ট্ৰাম্পে-
বিত্তীয় বজাৰ, ব্যৱসায়ী আৰু গ্ৰাহকে নতুন শুল্কৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে । আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ সূচকাংক হ্ৰাস পোৱাৰ ফলত ব্যৱসায়ীসকলে আশা কৰিছে যে আমদানিৰ ওপৰত শুল্কই মুদ্ৰাস্ফীতি বৃদ্ধি কৰিব পাৰে আৰু বিশ্ব বাণিজ্যত আঘাত হানিব পাৰে । কানাডা আৰু মেক্সিকোৱে অবৈধ অনুপ্ৰৱেশ আৰু ফেণ্টানিল সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই শুল্ক উঠাই লোৱা হ’ব বুলি ট্ৰাম্পে কয় । অৱশ্যে ইয়াৰ বাবে তেওঁ কোনো স্পষ্ট মানদণ্ড দিয়া নাই ।