দিল্লী বিধানসভা নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পূৰ্বে সকলো দলে ভোটাৰৰ মন জয় কৰিবলৈা যৎপৰোনাস্তি চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আৰ কে পুৰমত এক সভা অনুষ্ঠিত কৰে । ইয়াত তেওঁ কয়, ‘দিল্লীত এটাও বস্তি ভঙা নহ’ব ।’ দৰাচলতে বিগত কেইবাদিনো ধৰি অৰবিন্দ কেজৰিৱালে ৰাজহুৱা সভাত অভিযোগ উত্থাপন কৰি আহিছে যে বিজেপি ক্ষমতালৈ আহিলে বস্তিবোৰ ভাঙি পেলাব । এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত বস্তিৰ বিষয়টো বহু চৰ্চিত হৈছে ।
এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিল্লীত এটাও বস্তি ভঙা নহ’ব । তেওঁ কয় যে দিল্লীত কোনো জনকল্যাণমূলক আঁচনি বন্ধ নহয় ৷ আমি আপৰ দৰে কেৱল ঘোষণাৰ স্বাৰ্থত ঘোষণা নকৰো, বাজেটতো তাৰ ব্যৱস্থা কৰোঁ ।
‘দিল্লীত এটাও বস্তি নাভাগে’
প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই ‘আপ-দা’ সকলে উৰাবাতৰি বিয়পাইছে কিন্তু মনত ৰাখিব, দিল্লীত এটা বস্তিও নাভাগে । কোনো জনকল্যাণমূলক আঁচনি বন্ধ নহয় । পূৰ্বাঞ্চল আৰু বিহাৰৰ ভাই-ভনীৰ পৰা বাৰ্তা পাইছোঁ । তেওঁলোকৰ বাৰ্তা আহি আছে কাৰণ মোদী পূৰ্বাঞ্চলৰ সাংসদ হিচাবে ক্ষমতালৈ আহিছে ।‘
তেওঁ কয়, ‘কভিডৰ নামত মোৰ পূৰ্বাঞ্চলৰ ভাই-ভনীক দিল্লীৰ পৰা খেদি পঠিওৱা হৈছে । পূৰ্বাঞ্চল আৰু বিহাৰৰ ৰাইজক সহায় কৰি যাব বিজেপি চৰকাৰে । এইবাৰৰ বাজেট মধ্যবিত্ত শ্ৰেণীৰ বাবে বন্ধুত্বপূৰ্ণ বাজেট ।‘
ইমান ডাঙৰ সকাহ কেতিয়াও পোৱা নাই”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বছৰত ১২ লাখ টকা উপাৰ্জন কৰা মানুহে ইমান ডাঙৰ সকাহ কেতিয়াও পোৱা নাই । নেহৰুৰ দিনত যদি আপুনি ১২ লাখ টকা উপাৰ্জন কৰিছিল তেন্তে চৰকাৰে আপোনাৰ উপাৰ্জনৰ এক চতুৰ্থাংশ ঘূৰাই ল’ব । ইন্দিৰা গান্ধীৰ চৰকাৰত ১২ লাখ টকা উপাৰ্জন কৰিলে ১০ লাখ টকা পৰ্যন্ত দিব লাগিব । ১০-১২ বছৰ আগলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত ১২ লাখ টকা উপাৰ্জন কৰিলে ২,৬০,০০০ টকা কৰ ঘূৰাই দিব লাগিছিল ।‘
‘ভুলতো ‘আপ-দা’ চৰকাৰ আহিব নালাগে’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এইবাৰ দিল্লীত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে । দিল্লীৰ ‘আপ-দা’ পাৰ্টিয়ে ইয়াত ১১ বছৰ নষ্ট কৰিলে । দিল্লীৰ প্ৰতিটো পৰিয়ালক অনুৰোধ জনাইছো যে মোক দিল্লীবাসীক সেৱা আগবঢ়োৱাৰ সুযোগ দিয়ক । মই নিশ্চয়তা দিছো যে আপোনালোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে মই সকলো চেষ্টা কৰিম । দিল্লীৰ সেৱা কৰা, দিল্লীক সুন্দৰ কৰি তোলা চৰকাৰ এখন আমি গঠন কৰিব লাগিব । এতিয়া ভুলতো ইয়ালৈ ‘আপ-দা’ চৰকাৰ আহিব নালাগে ।