‘দিল্লীত এটাও বস্তি নাভাগে’...অৰবিন্দ কেজৰিৱালৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

‘দিল্লীত এটাও বস্তি নাভাগে’…অৰবিন্দ কেজৰিৱালৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লী বিধানসভা নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পূৰ্বে সকলো দলে ভোটাৰৰ মন জয় কৰিবলৈা যৎপৰোনাস্তি চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আৰ কে পুৰমত এক সভা অনুষ্ঠিত কৰে । ইয়াত তেওঁ কয়, ‘দিল্লীত এটাও বস্তি ভঙা নহ’ব ।’ দৰাচলতে বিগত কেইবাদিনো ধৰি অৰবিন্দ কেজৰিৱালে ৰাজহুৱা

দিল্লী বিধানসভা নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পূৰ্বে সকলো দলে ভোটাৰৰ মন জয় কৰিবলৈা যৎপৰোনাস্তি চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আৰ কে পুৰমত এক সভা অনুষ্ঠিত কৰে । ইয়াত তেওঁ কয়, ‘দিল্লীত এটাও বস্তি ভঙা নহ’ব ।’ দৰাচলতে বিগত কেইবাদিনো ধৰি অৰবিন্দ কেজৰিৱালে ৰাজহুৱা সভাত অভিযোগ উত্থাপন কৰি আহিছে যে বিজেপি ক্ষমতালৈ আহিলে বস্তিবোৰ ভাঙি পেলাব । এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত বস্তিৰ বিষয়টো বহু চৰ্চিত হৈছে ।

এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিল্লীত এটাও বস্তি ভঙা নহ’ব । তেওঁ কয় যে দিল্লীত কোনো জনকল্যাণমূলক আঁচনি বন্ধ নহয় ৷ আমি আপৰ দৰে কেৱল ঘোষণাৰ স্বাৰ্থত ঘোষণা নকৰো, বাজেটতো তাৰ ব্যৱস্থা কৰোঁ ।

‘দিল্লীত এটাও বস্তি নাভাগে’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই ‘আপ-দা’ সকলে উৰাবাতৰি বিয়পাইছে কিন্তু মনত ৰাখিব, দিল্লীত এটা বস্তিও নাভাগে । কোনো জনকল্যাণমূলক আঁচনি বন্ধ নহয় । পূৰ্বাঞ্চল আৰু বিহাৰৰ ভাই-ভনীৰ পৰা বাৰ্তা পাইছোঁ । তেওঁলোকৰ বাৰ্তা আহি আছে কাৰণ মোদী পূৰ্বাঞ্চলৰ সাংসদ হিচাবে ক্ষমতালৈ আহিছে ।‘

তেওঁ কয়, ‘কভিডৰ নামত মোৰ পূৰ্বাঞ্চলৰ ভাই-ভনীক দিল্লীৰ পৰা খেদি পঠিওৱা হৈছে । পূৰ্বাঞ্চল আৰু বিহাৰৰ ৰাইজক সহায় কৰি যাব বিজেপি চৰকাৰে । এইবাৰৰ বাজেট মধ্যবিত্ত শ্ৰেণীৰ বাবে বন্ধুত্বপূৰ্ণ বাজেট ।‘

ইমান ডাঙৰ সকাহ কেতিয়াও পোৱা নাই”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বছৰত ১২ লাখ টকা উপাৰ্জন কৰা মানুহে ইমান ডাঙৰ সকাহ কেতিয়াও পোৱা নাই । নেহৰুৰ দিনত যদি আপুনি ১২ লাখ টকা উপাৰ্জন কৰিছিল তেন্তে চৰকাৰে আপোনাৰ উপাৰ্জনৰ এক চতুৰ্থাংশ ঘূৰাই ল’ব । ইন্দিৰা গান্ধীৰ চৰকাৰত ১২ লাখ টকা উপাৰ্জন কৰিলে ১০ লাখ টকা পৰ্যন্ত দিব লাগিব । ১০-১২ বছৰ আগলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত ১২ লাখ টকা উপাৰ্জন কৰিলে ২,৬০,০০০ টকা কৰ ঘূৰাই দিব লাগিছিল ।‘

‘ভুলতো ‘আপ-দা’  চৰকাৰ আহিব নালাগে’

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এইবাৰ দিল্লীত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে । দিল্লীৰ ‘আপ-দা’ পাৰ্টিয়ে ইয়াত ১১ বছৰ নষ্ট কৰিলে । দিল্লীৰ প্ৰতিটো পৰিয়ালক অনুৰোধ জনাইছো যে মোক দিল্লীবাসীক সেৱা আগবঢ়োৱাৰ সুযোগ দিয়ক । মই নিশ্চয়তা দিছো যে আপোনালোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে মই সকলো চেষ্টা কৰিম । দিল্লীৰ সেৱা কৰা, দিল্লীক সুন্দৰ কৰি তোলা চৰকাৰ এখন আমি গঠন কৰিব লাগিব । এতিয়া ভুলতো ইয়ালৈ ‘আপ-দা’ চৰকাৰ আহিব নালাগে ।

শেহতীয়া প্ৰৱন্ধসমূহ