যুগ যুগ ধৰি অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ থকা ম’হ যুঁজৰ অনুমতিৰ বাবে অসম চৰকাৰে নতুন আইন আনিব । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে । এক ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে উদ্যোগ ল’ব ৷
তেওঁ কয় যে আহঁতগুৰিৰ ম’হ যুঁজ আমাৰ পৰম্পৰা আৰু ঐতিহ্য । আনকি উচ্চতম ন্যায়ালয়েও ইয়াক পৰম্পৰাগত খেল হিচাপে স্বীকৃতি দিছে । ন্যায়ালয়ৰ নিৰ্দেশনা মানি আমি অতি সোনকালে ম’হ যুঁজৰ দৰে পৰম্পৰাগত খেলৰ অনুমতি দিবলৈ আইন প্ৰণয়ন কৰিম ।
ম’হ যুঁজৰ আইনী সুৰক্ষা বিচাৰি ৰাজ্য চৰকাৰে শীঘ্ৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব বুলি তেওঁ কয় ৷ এই আইন প্ৰণয়নৰ লগে লগে ৰাইজে পৰম্পৰাগত ম’হ যুঁজ চাব আৰু উপভোগ কৰিব পাৰিব বুলি কয় তেওঁ ।
উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গৌহাটী উচ্চ ন্যায়ালয়ে অসমত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) বাতিল কৰিছিল । তেতিয়া আদালতে কৈছিল যে ৰাজ্য চৰকাৰৰ এছ অ’ পিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন আইন উলংঘা কৰিছে ।
আদালতে এই কথা কৈছিল-
উচচ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাশীষ বৰুৱাৰ বিচাৰপীঠে পেটা ইণ্ডিয়াই দাখিল কৰা আৱেদনৰ উত্তৰত অসম চৰকাৰৰ এছ অ’ পিক বাতিল কৰিছিল ৷ বিচাৰপীঠখনে কয় যে ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ফ্ৰেমৱৰ্ক কৰা এছ অ’ পিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে । অসম চৰকাৰে আইন সংশোধন কৰি এই যুঁজৰ খেলৰ অনুমতি দিব লাগিছিল । আন ৰাজ্যসমূহেও একে কাম কৰিছে । কিন্তু কাৰ্যবাহী আদেশ জাৰি কৰি বৰ্তমানৰ বিধানসমূহ আওকাণ কৰিবলৈ অনুমতি দিব নোৱাৰি । ২০২৩ চনৰ ডিচেম্বৰৰ অধিসূচনা বাতিল কৰা হৈছে বুলি আদালতে কৈছিল ।
যুগ যুগ ধৰি অসমৰ পৰম্পৰাৰ অংশ-
যুগ যুগ ধৰি ম’হ আৰু বুলবুলি চৰাইৰ যুঁজ অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে । এই অনুষ্ঠানটো আহোম শাসনৰ সময়ত বিশেষকৈ ৰংঘৰত আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছিল । ইয়াক প্ৰধানকৈ মাঘ বিহু উৎসৱৰ সময়ত পালন কৰা হয় । জীৱ-জন্তুৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এনে কাৰ্যক নিষিদ্ধ কৰিছিল । ২০১৪ চনৰ পৰা বন্ধ হৈ আছিল এই খেল । ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা এছ অ’ পি অনুসৰণ কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত দুয়োটা কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হৈছিল ।