আজি ৫৬ বছৰীয়া হ’ল দেশৰ অন্যতম জনপ্ৰিয় নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মৰমৰ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক ওপজা দিনৰ শুভেচ্ছা দিবলৈ নিশাৰ পৰাই মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অজস্ৰ গুণমুগ্ধ, শুভাকাংক্ষী, দলীয় কৰ্মকৰ্তাই ব্যাপক ভিৰ কৰা দেখিবলৈ পোৱা গ’ল।
অজস্ৰজনৰ ব্যাপক ভিৰৰ মাজতে ওপজা দিনৰ কেক কাটিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। অনুৰাগীসকলে গামোচা, ফুল, উপহাৰেৰে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনায়।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই জন্মদিন উদযাপনত তেওঁ পত্নীৰ লগতে পুত্ৰ কন্যাও উপস্থিত। ইফালে, ওপজা দিনটোৰ বাবে গুণমুগ্ধ তথা শুভাকাংক্ষীসকলে অনা কেইবাটাও কেক মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কটা দেখিবলৈ পোৱা যায়।
মুখ্যমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সহস্ৰাধিক অনুৰাগীয়ে শুভেচ্ছাৰে ওপচালে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা দিবলৈ বহিঃৰাজ্যৰ পৰাও আহিল অনুৰাগী। হাৰিয়ানাৰ অনুৰাগীয়ে মুখ্যমন্ত্ৰীক দিলে বিশেষ উপহাৰ।