প্ৰয়াগৰাজৰ মৰণোত্তৰ পৰীক্ষা গৃহত উপস্থিত হৈ বহু লোকে তেওঁলোকৰ প্ৰিয়জনৰ সন্ধানত হাতত ছবি লৈ অপেক্ষা কৰিছে।
হাতত ফটো আৰু চকুত চকুপানীৰে লোকসকলে তেওঁলোকৰ সন্ধানহীন আত্মীয়সকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।মৌনী অমাৱস্যাৰ সংগম স্থলত লাখ লাখ ভক্ত গা ধুবলৈ প্ৰয়াগৰাজত উপস্থিত হৈছিল।
সেই সময়তে পদপৃষ্ঠ হৈ বহু লোকৰ মৃত্যু হৈচে। সেই ঘটনাৰ ৭২ ঘণ্টা পাছতো বহুলোকে তেওঁলোকৰ আত্মীয়সকলৰ সন্ধান পোৱা নাই।
বিহাৰৰ দৰভাঙ্গা জিলাৰ পৰা সংগম স্নানৰ বাবে অহা অনুৰাধা কুমাৰীয়েও তেওঁৰ ৬০ বছৰীয়া মাতৃ মিথলেশ দেৱীক বিচাৰি আছে।তেওঁৰ মাতৃ ইতিমধ্যে ভিৰৰ মাজত হেৰাইছে।
৭২ ঘণ্টাৰ পিছত তেওঁৰ মাতৃৰ কোনো সন্ধান নোপোৱাৰ পিছত, অনুৰাধা মৰণোত্তৰ পৰীক্ষাৰ ঘৰৰ সন্মুখত উপস্থিত হয়।কিন্তু তাতো তেওঁ মাকক বিচাৰি নাপালে।
বিহাৰৰ দৰভাঙ্গা জিলাৰ বিকু পট্টি গাঁৱৰ ৯জন লোক সংগমত স্নানৰ বাবে আহিছিল।কিন্তু এই বিশৃংখলতাত অনুৰাধা কুমাৰীৰ ৬০ বছৰীয়া মাতৃ মিথলেশ দেৱী নিৰুদ্দেশ হয়।
অনুৰাধা আৰু তেওঁৰ পৰিয়ালে মাতৃৰ সন্ধানত প্ৰয়াগৰাজৰ প্ৰতিটো চুকে-কোণে বিচাৰি আছে। তেওঁলোকে আৰক্ষী আৰু জিলা প্ৰশাসনৰ দ্বাৰা সূচিত প্ৰতিটো সাম্ভাব্য স্থানলৈ গৈ মাতৃগৰাকীক বিচাৰিছিল।
কিন্তু কোনো সংকেত পোৱা নগ’ল।পৰিয়ালটো এতিয়া শৱগৃহত উপস্থিত হৈছে, য’ত তেওঁলোকে হয়তো মহিলা গৰাকীৰ বিষয়ে কিছু তথ্য পাব বুলি আশা কৰিছিল।
শৱগৃহত অনুৰাধাই মৃতকৰ ছবিবোৰ চাই প্ৰতিটো মৃতদেহ চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল।কিন্তু তেওঁলোকৰ মাক কতো পোৱা নাছিল।
অনুৰাধাই শৱগৃহৰ বাহিৰত চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিছিল আৰু তাইৰ মাকক বিচাৰিবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছিল।
উল্লেখ্য যে মৌনী অমাৱস্যাৰ দিনা প্ৰয়াগৰাজত ভক্তসকলৰ ব্ৰহ্ম মূহুৰ্তত সংগম স্থলীত স্নান কৰিবৰ বাবে বৃহৎ ভিৰ জমা হৈছিল।তাৰ পিছতে পদপৃষ্ট হৈ বহু লোকৰ মৃত্যু হয়। এতিয়া সন্ধানহীন আত্মীয়ক বিচাৰি হাহাকাৰ কৰিলে পৰিয়ালসকলে।