পৰমাণু বিজ্ঞানীসকলে ৭৮ বছৰ পূৰ্বে এক বিশেষ ধৰণৰ ঘড়ী সৃষ্টি কৰিছিল, যাৰ নাম আছিল ‘ডুমছডে ঘড়ী’ (Doomsday Clock) । মানুহে পৃথিৱীখন ধ্বংস কৰাৰ কিমান ওচৰত আছে তাক দেখুৱাবলৈ ই আছিল এক প্ৰতীকী প্ৰয়াস । মঙলবাৰে মাজনিশাৰ পূৰ্বে ঘড়ীটো ৮৯ ছেকেণ্ডলৈ পুনৰ স্থাপন (Reset) কৰা হয় । বুলেটিন অৱ দ্য এটমিক চাইন্টিষ্টৰ মতে, মাজনিশা হ’ল সেই মুহূৰ্ত যেতিয়া পৃথিৱীখন মানুহৰ বাবে বাস কৰিব নোৱাৰা হৈ পৰিব আৰু মহাপ্ৰলয় হ’ব ।
প্ৰথম দুবছৰৰ বাবে বুলেটিনে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ, পাৰমাণৱিক অস্ত্ৰ দৌৰৰ সম্ভাৱনা, গাজাত ইজৰাইল-হামাস সংঘৰ্ষ আৰু জলবায়ু সংকটৰ বাবে মাজনিশাতকৈ ৯০ ছেকেণ্ড আগতে ঘড়ীটো নিৰ্ধাৰণ কৰিছিল । এইদৰে বিজ্ঞানীসকলে ইয়াক ১ ছেকেণ্ড আগুৱাই লৈ গৈছে ।
১৯৪৭ চনত নিৰ্মাণ কৰা হৈছিল প্ৰলয়ৰ ঘড়ী-
চিকাগোস্থিত অ-লাভজনক সংস্থা বুলেটিন অৱ দ্য এটমিক চাইন্টিষ্টে ১৯৪৭ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শীতল যুদ্ধৰ উত্তেজনাৰ সময়ত এই ঘড়ীটো সৃষ্টি কৰিছিল যাতে ই মানুহক সতৰ্ক কৰি দিয়ে যে মানৱ জাতি বিশ্ব ধ্বংস কৰাৰ কিমান ওচৰত ।
বুলেটিনৰ বিজ্ঞান আৰু নিৰাপত্তাৰ অধ্যক্ষ ডেনিয়েল হোলজে কয় যে ‘আমি ঘড়ীটো মাজনিশাৰ ওচৰত স্থাপন কৰিছো কাৰণ আমি বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো, য’ত আছে পাৰমাণৱিক বিপদ, জলবায়ু পৰিৱৰ্তন, জৈৱিক ভাবুকি আৰু কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ৰ দৰে বিঘ্নিতকাৰী প্ৰযুক্তিৰ অগ্ৰগতিকে ধৰি বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ ওপৰত যথেষ্ট, ইতিবাচক প্ৰগতি দেখা নাপাওঁ ।’ তেওঁ কয়, ‘যি দেশসমূহৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, সেইবোৰে নিজৰ অস্ত্ৰভাণ্ডাৰৰ আকাৰ আৰু ভূমিকা বৃদ্ধি কৰিছে । আমি শ শ কোটি ডলাৰ বিনিয়োগ কৰিছো এনে অস্ত্ৰত যিয়ে সভ্যতাক বহুগুণে ধ্বংস কৰিব পাৰে ।’
প্ৰলয়ৰ ঘড়ী কি ?
মানহাট্টান প্ৰজেক্টৰ কাম কৰা বিজ্ঞানীসকলৰ এটা দলে বুলেটিন অৱ দ্য এটমিক চাইন্টিষ্টছ প্ৰতিষ্ঠা কৰিছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক বোমা নিৰ্মাণৰ বাবে মানহাট্টান প্ৰজেক্টৰ সৃষ্টি কৰা হৈছিল । প্ৰথমে এই সংস্থাটোৰ কল্পনা কৰা হৈছিল পাৰমাণৱিক ভাবুকি জুখিবলৈ যদিও ২০০৭ চনত ইয়াৰ গণনাত জলবায়ু পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।
বুলেটিনৰ বিজ্ঞান আৰু নিৰাপত্তা ব’ৰ্ডৰ বিশেষজ্ঞসকলে ইয়াৰ পৃষ্ঠপোষক ব’ৰ্ডৰ সৈতে আলোচনা কৰি প্ৰতি বছৰে প্ৰলয়ৰ ঘড়ী নিৰ্ধাৰণ কৰে । ১৯৪৮ চনৰ ডিচেম্বৰ মাহত এলবাৰ্ট আইনষ্টাইনে প্ৰথমবাৰৰ বাবে এই ব’ৰ্ড গঠন কৰিছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ আছিল জে ৰবাৰ্ট অপেনহাইমাৰ । বৰ্তমান এই ব’ৰ্ডত আছে ৯ জন নোবেল বঁটা বিজয়ী, কেইবাজনো পদাৰ্থ বিজ্ঞান, শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰৰ ।