মৌনী অমাৱস্যাৰ দিনাই মহা কুম্ভৰ সংগম স্থলীত সংঘটিত পদপৃষ্ট ঘটনাত ইতিমধ্যে প্ৰায় ৩০ জন লোক নিহত হোৱাৰ লগতে আৰু ৬০ জন আহত হৈছে।
এই তথ্য মেলা প্ৰশাসনে দিছে।জানিব পৰা মতে মঙলবাৰে নিশা প্ৰায় ১২ৰ পৰা ২ টা মান বজাৰৱ ভিতৰত ভক্ত সকলে যথেষ্ট ভিৰ কৰিছিল।
কিছুমান ভক্তই মৌনী অমাৱস্যাৰ ব্ৰহ্মমুহুৰ্তত অমৃত স্নান কৰিবলৈ সংগমৰ পাৰতে শুই আছিল।কিন্তু ভক্তসকলৰ ভিৰ ইমানেই বেছি হৈ গৈছিল যে ঘাট সমূহত থকা বেৰিকেড ভাঙি গৈছিল।
যাৰ ফলত ঘাটৰ পাৰত শুই থকা ভক্তসকলৰ মাজত হুলষস্থুলৰ সৃষ্টি হৈছিল। যাৰ ফলত পদপৃষ্ঠ হৈ ৩০ জনলৈ ভক্ত মৃত্যু হোৱাৰ লগতে ৬০ তকৈও অধিক লোক আহত হৈছে।
দুৰ্ঘটনাটোৰ পিছতে কেইবাখনো এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে লৈ যায়। ডিআইজি মহাকুম্ভ নগৰে কয়, “২৯ জানুৱাৰীত চৰকাৰে কঠোৰ নিৰ্দেশনা দিছিল যে কোনো ভিআইপি প্ৰটোকল নাথাকিব। কোনো ভিআইপি প্ৰটোকল মনোৰঞ্জন কৰা হোৱা নাই।”
ইয়াৰ পূৰ্বে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মহাকুম্ভত ভিআইপি প্ৰটোকলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।
ৰাহুল গান্ধীয়ে কৈছিল, “চৰকাৰে ভিআইপি আন্দোলন সংস্কৃতিত লাগাম পেলাব লাগে। মহা কুম্ভৰ বাকী দিনবোৰৰ বাবে ব্যৱস্থাটো উন্নত কৰিব লাগে” ।
দৰাচলতে, মৌনী অমাৱস্যাৰ অমৃত স্নানৰ বাবে বেছিভাগ ঘাট বন্ধ কৰা হৈছিল। ইয়াৰ ফলত, সংগমস্থলত লাখ লাখ লোকৰ ভিৰ জমা হৈছিল।
ইফালে সংগমস্থলীত প্ৰৱেশ আৰু প্ৰস্থান পথ পৃথক নাছিল। এনে পৰিস্থিতিত, যেতিয়া বেৰিকেট ভাগি পৰিছিল, ভক্তসকলে ওলাই যোৱাৰ কোনো সুযোগ পোৱা নাছিল। মৃতসকলৰ ২৫ জন লোকক চিনাক্ত কৰা হৈছে। প্ৰশাসনৰ হৈ এখন সংবাদমেলত বিষয়াসকলে এই তথ্য প্ৰদান কৰিছিল।