মহাকাশত আবদ্ধ সুনীতা উইলিয়ামছক ঘূৰাই অনাৰ বাবে ইলন মাস্কৰ সহায় বিচাৰিলে ট্ৰাম্পে

মহাকাশত আবদ্ধ সুনীতা উইলিয়ামছক ঘূৰাই অনাৰ বাবে ইলন মাস্কৰ সহায় বিচাৰিলে ট্ৰাম্পে

বিগত আঠ মাহে মহাকাশত আৱদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰ । এই সন্দৰ্ভত অতিশয় চিন্তিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । সেয়েহে বয়িং ষ্টাৰলাইনাৰৰ দুয়োগৰাকী মহাকাশচাৰী সুনীতা আৰু বুশ্বক ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁ ইলন মাস্কৰ পৰা সহায় বিচাৰিছে । ইলন মাস্কে এক্সৰ

বিগত আঠ মাহে মহাকাশত আৱদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰ । এই সন্দৰ্ভত অতিশয় চিন্তিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । সেয়েহে বয়িং ষ্টাৰলাইনাৰৰ দুয়োগৰাকী মহাকাশচাৰী সুনীতা আৰু বুশ্বক ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁ ইলন মাস্কৰ পৰা সহায় বিচাৰিছে । ইলন মাস্কে এক্সৰ এটা পোষ্টৰ জৰিয়তে এই তথ্য দিছে ।

“বাইডেন প্ৰশাসনে মহাকাশচাৰীক আবদ্ধ কৰি ৰাখিলে”

মাস্কে দাবী কৰে যে যদিও নাছাই ইতিমধ্যে স্পেচএক্সক নিজৰ ক্ৰু-৯ অভিযানৰ অংশ হিচাপে ঘূৰাই অনাৰ বাবে নিয়োজিত কৰিছিল, তথাপিও প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে মহাকাশচাৰী দুজনক ঘূৰি অহাত ইমান দিনে পলম কৰিছিল, যিটো অতি দুখজনক ।

কি ক’লে ড’নাল্ড ট্ৰাম্পে-

-মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে স্পেচএক্সে মহাকাশচাৰী দুজনক “শীঘ্ৰে” ঘূৰাই অনাৰ অভিযান আৰম্ভ কৰিব । দুয়োজনেই মাহৰ পিছত মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।

-ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত লিখিছে, “ইলন মাস্কে অতি সোনকালে এই বিষয়ত কাম আৰম্ভ কৰিব । আশাকৰোঁ, সকলো নিৰাপদে হ’ব ।” কিন্তু এই অভিযান কেতিয়া আৰম্ভ হ’ব সেয়া স্পষ্ট কৰা নাই ট্ৰাম্পে ।

-আনহাতে নাছাই অহৰহ কৈ আছে যে তেওঁলোকৰ মহাকাশচাৰীসকল আবদ্ধ হৈ থকা নাই আৰু তেওঁলোক সুস্থ আৰু একেবাৰে ভাল ।

নাছাৰ মিছনৰ বিষয়ে জানক-

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ২০২৪ চনৰ জুন মাহত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানেৰে আই এছ এছলৈ ৰাওনা হয় । ১০ দিন এই অভিযানত গৈছিল যদিও এই সময়ছোৱাত তেওঁলোক বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত নাছা আৰু বয়িঙে মহাকাশযানখনৰ সমস্যাসমূহ বুজিবলৈ কেইবা সপ্তাহ ধৰি কাম কৰিছিল যদিও শেষত সিদ্ধান্ত লৈছিল যে জাহাজখনৰ ক্ৰুসকলক লৈ ষ্টাৰ্টলাইনাৰখন ঘূৰাই অনাটো অতি বিপদজনক হ’ব । নিৰাপত্তাজনিত সমস্যাৰ বাবে দুয়োৰে প্ৰত্যাৱৰ্তন ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল । তাৰ পিছত নাছাই ঘোষণা কৰিলে যে তেওঁলোকে ক্ৰুসকলৰ তাৰিখ সালসলনি কৰি আছে, অৰ্থাৎ অহা বছৰৰ মাৰ্চ বা এপ্ৰিলৰ শেষৰ ফালে তেওঁলোক ঘূৰি আহিব ।

ইয়াৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত নাছাই ঘোষণা কৰে যে স্পেচএক্সক স্পেচএক্স ক্ৰু-৯ কেপচুলত সুনীতা উইলিয়ামছ আৰু উইলম’ৰক ঘূৰাই আনিবলৈ কোৱা হৈছে । এই দুয়োজন মহাকাশচাৰীয়ে স্পেচএক্সৰ ড্ৰেগন কেপচুলত পৃথিৱীলৈ উভতি আহিব । তাৰ পাছত আন ধৰণৰ বিপদৰ কথা পোহৰলৈ আহিল, যিবোৰ মহাকাশচাৰীৰ জীৱনৰ প্ৰতি ভাবুকি হিচাপে বিবেচিত হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ