২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত সংসদত দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । যদি আমি ভাৰতীয় বাজেটৰ ইতিহাসৰ কথা কওঁ, তেন্তে কেৱল বিত্তমন্ত্ৰীয়েই নহয় প্ৰধানমন্ত্ৰীয়েও দাখিল কৰিছে বাজেট । ইয়াৰে কেইবাগৰাকী বাজেট দাখিলৰ সময়ত প্ৰধানমন্ত্ৰীৰ পদত আছিল, আনহাতে আন কেইগৰাকী পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী পদত অধীষ্ঠিত হৈছিল । ইয়াৰ ভিতৰত জৱাহৰ লাল নেহৰুৰ পৰা ইন্দিৰা গান্ধীলৈকে আছে । অৱশ্যে প্ৰধানমন্ত্ৰী হৈ বাজেট দাখিল কৰাৰ আঁৰৰ কাৰণ আছে ।
সীতাৰমণে তেওঁৰ ৮ম বাজেট দাখিল কৰিব-
প্ৰথমে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত দাখিল হ’বলগীয়া ভাৰতীয় বাজেটৰ কথা জানক । উল্লেখ্য যে দেশৰ পূৰ্ণকালীন বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এয়া একেৰাহে অষ্টমখন বাজেট হ’ব । এইবাৰৰ বাজেটৰ পৰা দেশৰ সাধাৰণ ৰাইজে যথেষ্ট আশা কৰিছে । এফালে কৰদাতাসকলে কৰ স্লেবৰ পৰিৱৰ্তনৰ ওপৰত চকু ৰাখিছে । আনফালে স্বাস্থ্যসেৱাকে ধৰি সকলো খণ্ডই বিত্তমন্ত্ৰীৰ পৰা ডাঙৰ ডাঙৰ ঘোষণাৰ আশা কৰিছে ।
জৱাহৰলাল নেহৰুৱে দাখিল কৰিছিল বাজেট-
এতিয়া দেশৰ এইকেইজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কথা জানক, যিসকলে হয় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ দেশৰ সাধাৰণ বাজেট দাখিল কৰিছিল, অথবা পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হৈছিল । এই তালিকাত প্ৰথম নাম ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৰ নাম আহে । প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে তেওঁ ১৯৫৮ চনত কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল । ইয়াৰ কাৰণো যথেষ্ট আমোদজনক আছিল । প্ৰকৃততে সেই সময়ত বিত্তমন্ত্ৰী আছিল টি টি কৃষ্ণমাচাৰী, কিন্তু বাজেটৰ ঠিক পূৰ্বে মুন্দ্ৰা কেলেংকাৰী উদঙাই দিয়া হৈছিল আৰু তাত তেওঁৰ নাম প্ৰকাশৰ পিছত পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল । সেয়েহে তেওঁৰ ঠাইত নেহৰুৱে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰি নিজেই বাজেট দাখিল কৰে ।
মোৰাৰজী দেশাইৰ নামত অধিক অভিলেখ-
বাজেট দাখিল কৰা দেশৰ প্ৰধানমন্ত্ৰীৰ তালিকাত মোৰাৰজী দেশাইৰ নাম অন্তৰ্ভুক্ত হোৱাই নহয়, ভাৰতত সৰ্বাধিক কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ অভিলেখো তেওঁৰ হাতত আছে । উল্লেখ্য যে মোৰাৰজীয়ে ৮খন সম্পূৰ্ণ আৰু ২খন অন্তৱৰ্তীকালীন বাজেটকে ধৰি মুঠ ১০খন বাজেট দাখিল কৰিছিল । বিত্তমন্ত্ৰী হিচাপে কাৰ্যকালৰ সময়ছোৱাত ১৯৫৯ চনৰ পৰা ১৯৬৩ চনলৈকে তেওঁ অবিৰতভাৱে বাজেট দাখিল কৰিছিল । ইয়াৰ লগতে ১৯৬২ চনৰ অন্তৱৰ্তীকালীন বাজেটো দাখিল কৰে, তাৰ পিছত ১৯৬৭, ১৯৬৮ আৰু ১৯৬৯ চনৰ বাজেটৰ লগতে ১৯৬৭ চনৰ অন্তৱৰ্তীকালীন বাজেটও দাখিল কৰে তেওঁ । বিত্তমন্ত্ৰী হোৱাৰ পিছত ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ জনতা পাৰ্টিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল তেওঁ ।
প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে বাজেট দাখিল কৰিছিল ইন্দিৰা গান্ধীয়ে-
ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও প্ৰধানমন্ত্ৰী হিচাপে থকাৰ সময়ছোৱাত কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল । দৰাচলতে মোৰাৰজী দেশাইৰ পদত্যাগৰ পিছত ১৯৬৯ চনত ইন্দিৰা গান্ধীয়ে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব লয় আৰু ১৯৭০-৭১ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে । ইয়াৰ পিছত তেওঁ বাজেট দাখিল কৰা প্ৰথমগৰাকী মহিলাও হৈ পৰে । এবছৰৰ পাছত তেওঁ গৃহমন্ত্ৰী যশৱন্তৰাও চাভানক নতুন বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।
ৰাজীৱ গান্ধীয়ে বাজেট ভাষণ পাঠ কৰে-
ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ইন্দিৰা গান্ধীৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধীয়েও বাজেট দাখিল কৰিছিল । বাজেট দাখিল কৰাৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল, আচলতে তেতিয়াৰ বিত্তমন্ত্ৰী ভি পি সিঙক পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাজীৱ গান্ধীয়ে দেশৰ বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব লয় । ১৯৮৭ চনৰ জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত কিছু সময়ৰ বাবে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰি ১৯৮৭-৮৮ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল তেওঁ । এই কাম কৰা তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ তৃতীয়জন সদস্য হৈ পৰে ।
মনমোহন সিঙে দাখিল কৰিছিল ঐতিহাসিক বাজেট-
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ পিভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেখেতে ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিছিল, যিখন বাজেটক দেশৰ ইতিহাসৰ আটাইতকৈ বৈপ্লৱিক বাজেট বুলি গণ্য কৰা হয় । ইয়াত ভাৰতীয় অৰ্থনীতিৰ বাবে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ পোষকতা কৰা হৈছিল । ইয়াৰ পিছত ২০০৪ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰ গঠনৰ পিছত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হয় ।