মঙলবাৰে চলিত টি-২০ শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডে টিম ইণ্ডিয়াক ২৬ ৰানত পৰাস্ত কৰে । ইংলেণ্ডে ভাৰতক জয়ী হ’বলৈ ১৭২ ৰানৰ লক্ষ্য বান্ধি দিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টিম ইণ্ডিয়াই মাত্ৰ ১৪৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই । এই জয়েৰে ইংলেণ্ডে শৃংখলালৈ পুনৰ উভতি আহিছে । অৱশ্যে ভাৰত এতিয়াও ২-১ ব্যৱধানত আগবাঢ়ি আছে । ৰাজকোটত ভাৰতৰ হৈ ৪০ ৰান সংগ্ৰহ কৰে হাৰ্দিক পাণ্ডিয়াই । আনহাতে বৰুণ চক্ৰৱৰ্তীয়ে ৫টা উইকেট দখল কৰে । ইংলেণ্ডৰ হৈ বেন ডাকেটে অৰ্ধশতক অৰ্জন কৰে ।
ইংলেণ্ডে বান্ধি দিয়া লক্ষ্য খেদি ভাৰতীয় দলটোৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৪৫ ৰানহে সংগ্ৰহ কৰিবলা সক্ষম হয় । ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ৪০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁ ২টা ছয় আৰু ১টা চাৰিটা কোবাই । অক্ষৰ পেটেলে ১৫ ৰান সংযোজন কৰে । তেওঁ ২টা চাৰিটা কোবাই । মহম্মদ ছামীয়ে ১টা ছয়ৰ সহায়ত ৭ ৰান সংগ্ৰহ কৰে ।
England bounce back with a clinical win in Rajkot to make it 2-1 in the five T20I series👊#INDvENG 📝: https://t.co/rLa32JzewH pic.twitter.com/VeRG5hqNY4
— ICC (@ICC) January 28, 2025
টিম ইণ্ডিয়াৰ বেয়া আৰম্ভণি-
নিজৰ ইনিংছ আৰম্ভ কৰিয়েই শলঠেকত পৰে । মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায় অ’পেনাৰ সঞ্জু চেমছন । তেওঁক পেভিলিয়নমুখী কৰে জফ্ৰা আৰ্চাৰে । চেমছনৰ পিছতে অভিষেক শৰ্মাৰ উইকেটৰ পতন ঘটে । ১৪টা বলত ২৪ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । চাৰি নম্বৰত বেটিং কৰিবলৈ আহিছিল তিলক বাৰ্মা । ১৮ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ । ১৪ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ । মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় ৱাশ্বিংটন সুন্দৰ ।
ইংলেণ্ডৰ হৈ বেন ডাকেটৰ অৰ্ধশতক-
বেন ডাকেটে দলৰ হৈ অ’পেনাৰ হিচাপে বেটিং কৰিবলৈ আহিছিল । ২৮টা বলৰ সন্মুখীন হৈ তেওঁ ৫১ ৰান সংগ্ৰহ কৰে । ডাকেটে ৭টা চাৰি আৰু ২টা ছয় কোবাই । ইফালে লিভিংষ্টনে ২৪ বলৰ সন্মুখীন হৈ ৪৩ ৰান সংগ্ৰহ কৰে । তেওঁ ৫টা ছয় আৰু ১টা চাৰিটা কোবাই । অধিনায়ক জোছ বাটলাৰে ২৪ ৰানৰ বৰঙণি আগবঢ়ায় । ৫ ৰান সংগ্ৰহ কৰি আউট হয় ফিলিপ ছল্ট ।
বৰুণৰ শক্তি প্ৰদৰ্শন-
ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে শক্তিশালী বলিং প্ৰদৰ্শন কৰে । ৪ অভাৰত ২৪ ৰানত ৫ উইকেট দখল কৰে বৰুণে । ৪ অভাৰত ৩৩ ৰানত ২টা উইকেট দখল কৰে হাৰ্দিক পাণ্ডিয়াই । অক্ষৰ পেটেল আৰু ৰবি বিষ্ণোইয়ে এটাকৈ উইকেট দখল কৰে । মহম্মদ ছামীয়ে বহুদিনৰ মূৰত টিম ইণ্ডিয়ালৈ উভতি আহিছিল যদিও বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ছামীয়ে ৩ অভাৰত ২৫ ৰান দিয়ে । অৱশ্যে এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহল তেওঁ ।