উত্তৰাখণ্ডে আজি ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল কোড (UCC)কাৰ্যকৰী কৰা প্ৰথম খন ৰাজ্য হ’বলৈ গৈ আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাখণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে দুপৰীয়া প্ৰায় ১২:৩০ বজাত ঐতিহাসিক আইনখন কাৰ্যকৰী কৰা হ’ব।
বিষয়াসকলৰ মতে, সমগ্ৰ উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী কৰা হ’ব।এই আইনখন ৰাজ্যৰ বাহিৰত বাস কৰা উত্তৰাখণ্ডৰ লোকসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
আজি ৰাজ্যিক সচিবালয়ত ইউচিচি পৰ্টেলটো উন্মোচন কৰা হ’ব।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অনুষ্ঠানটোৰ নেতৃত্ব দিব।
২৬ জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী ধামীয়ে কৈছিল যে ইউচিচি ধৰ্ম, লিংগ, জাতি বা সম্প্ৰদায়ৰ আধাৰত বৈষম্যৰ পৰা মুক্ত এক সুসংগত সমাজৰ ভেটি স্থাপন কৰিব।
মুখ্যমন্ত্ৰী ধামীয়ে লগতে কয়, ‘আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আছো।জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাটো ইয়াৰ এটা উদাহৰণ।
ৰাজ্য চৰকাৰে ইয়াৰ কাম সম্পূৰ্ণ কৰিছে আৰু ২০২৫ চনৰ জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যত ইউনিফৰ্ম চিভিল ক’ড কাৰ্যকৰী কৰাৰ প্ৰস্তুতি কৰা হৈছে।
ইউনিফৰ্ম চিভিল ক’ডৰ অৰ্থ হৈছে দেশত বাস কৰা সকলো নাগৰিকৰ (প্ৰতিটো ধৰ্ম, জাতি, লিংগৰ লোক) বাবে এখনেই আইন হ’ব।
যদি এখন ৰাজ্যত অসামৰিক সংহিতা প্ৰযোজ্য হয়, তেন্তে বিবাহ, বিবাহ বিচ্ছেদ, সন্তান তুলি লোৱা আৰু সম্পত্তিৰ বিভাজন লগতে লিভ-ইন সম্পৰ্কৰ দৰে সকলো বিষয়ত প্ৰতিজন নাগৰিকৰ বাবে একেই আইন থাকিব।বিবাহৰ লগতে, লিভ-ইনত বাস কৰা দম্পতীসকলৰ বাবে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব।