প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বিশিষ্ট ব্যক্তিসকলক তেওঁলোকৰ ভাল কামৰ বাবে সন্মান জনায় । নিজৰ নিজৰ ক্ষেত্ৰত উৎকৃষ্ট কাম কৰা লোকসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে পদ্ম বঁটাৰে সন্মানিত কৰে । এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে পদ্ম বঁটা ঘোষণা কৰিছে । এইবাৰ গণৰাজ্য দিৱস উপলক্ষে ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্ম ভূষণ আৰু ১১৩ গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে । কিন্তু এই তিনিটা বঁটাৰ মাজত কি পাৰ্থক্য আছে আপুনি জানেনে ? ১৯৫৪ চনৰ পৰা প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা পদ্ম বঁটা অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত অন্যতম ।
তিনিটা শ্ৰেণীত বঁটা প্ৰদান কৰা হয়-
কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজকৰ্ম, বিজ্ঞানকে ধৰি বহু ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব অৰ্জন কৰা আৰু অসাধাৰণ কাম কৰা সকলক পদ্ম বঁটা প্ৰদান কৰা হয় । পদ্ম বিভূষণ সাধাৰণ আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয় । আনহাতে, পদ্মভূষণ উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে আৰু পদ্মশ্ৰী বিশিষ্ট সেৱাৰ বাবে দিয়া হয় । শিল্প, সাহিত্য, শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান, অভিযান্ত্ৰিক, ৰাজহুৱা কাম, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব বা সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয় । এই বঁটা তিনিটা শ্ৰেণীত প্ৰদান কৰা হয় ।
১) পদ্ম বিভূষণঃ পদ্ম বিভূষণ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা । ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয় পদ্ম বিভূষণ ।
২) পদ্মভূষণঃ পদ্ম ভূষণ ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা । উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় ।
৩) পদ্মশ্ৰীঃ সাধাৰণতে কোনো কোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী বঁটা দিয়া হয় । এই বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিজনে নিজৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াই । এই বঁটা সমাজত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনা লোকক প্ৰদান কৰা হয় ।
এই সন্মান কোনে লাভ কৰে ?
এই সন্মান মূলতঃ শিল্প, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজকৰ্ম, চিকিৎসা, ব্যৱসায় আৰু উদ্যোগ আদি ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে দিয়া হয় । গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যিকোনো ব্যক্তি এই বঁটাৰ বাবে যোগ্য । কিন্তু চৰকাৰী কৰ্মচাৰীয়ে সেই পদত থকালৈকে এই বঁটাৰ বাবে যোগ্য নহয় । অৱশ্যে ইয়াৰ পৰা ৰেহাই দিয়া হৈছে চিকিৎসক আৰু বিজ্ঞানীসকলক ।
এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৭ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ।