আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গণৰাজ্য দিৱস । দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জড়িত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট ।
১৯৫০ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল । এই উপলক্ষে দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।
আজি পুৱা ১০:৩০ বজাৰ পৰা দিল্লীত আৰম্ভ হ’ব গণৰাজ্য দিৱসৰ পেৰেড আৰু অনুষ্ঠিত হ’ব প্ৰায় ৯০ মিনিটৰ এক বৰ্ণাঢ্য অনুষ্ঠান।গণতন্ত্ৰ দিৱসৰ এইবাৰৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টো ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তাৰ পিছত তেওঁ কৰ্তব্য পথত পেৰেড চাবলৈ উপস্থিত হ’ব।
ইয়াৰ পিছত পৰম্পৰা অনুসৰি জাতীয় পতাকা উত্তোলন কৰা হ’ব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত আৰু তাৰ পিছত ২১ জাঁট টোপধ্বনি প্ৰদৰ্শন কৰা হ’ব।
উল্লেখ্য যে এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰত এখন সার্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল।
মহাত্মা গান্ধীৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এইয়া সম্ভৱ হৈ উঠিছিল।
তেতিয়াৰে পৰা জানুৱাৰীৰ ২৬ দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দি উদযাপন কৰি আহিছে।
সমগ্ৰ দেশৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱস পালন কৰা হৈছে। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পালন কৰা হৈছে গণৰাজ্য দিৱস।