গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি

সমগ্ৰ দেশে উলহ-মালহেৰে উদযাপন কৰিছে ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস । কৰ্তব্য পথত আজি সমগ্ৰ বিশ্বই দেখিব ভাৰতৰ শক্তি আৰু অজেয় পৰাক্ৰম ।

আজি সমগ্ৰ দেশে উলহ-মালহেৰে উদযাপন কৰিছে ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস । ৰাজধানী দিল্লী ৭৭ সংখ্যক গণৰাজ্য দিৱস উৎসাহ আৰু মৰ্যাদাৰে উদযাপন কৰিবলৈ সাজু হৈছে । ৰাজধানী দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’ব লগা গণতন্ত্ৰ দিৱসৰ বিশেষ অনুষ্ঠানত সমগ্ৰ বিশ্ব ভাৰতৰ চহকী গণতান্ত্ৰিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হ’ব । গ্ৰেণ্ড পেৰেডত সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক শক্তি আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰদৰ্শন কৰা হ’ব ।

এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইউৰোপীয় সংঘৰ দুজন বিশিষ্ট নেতা : ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে । ট্ৰাম্পৰ শুল্ক সন্ত্ৰাসৰ মাজতে ভাৰতে ইউৰোপীয় সংঘৰ সৈতে “মাদাৰ অব্ অল ডীলছ” ৰূপায়ণ কৰিবলৈ সাজু হৈছে । গতিকে গণৰাজ্য দিৱসত ইউৰোপীয় ইউনিয়নৰ এই দুগৰাকী হেভিৱেট নেতাৰ উপস্থিতি তাৎপৰ্যপূৰ্ণ ।

এইবাৰৰ গণতন্ত্ৰ দিৱসৰ বিষয়বস্তু-

এইবাৰৰ গণৰাজ্য দিৱসৰ থিম তথা বিষয়বস্তু হৈছে “বন্দে মাতৰমৰ ১৫০ বছৰ ।” এই বিষয়বস্তুত ৰাষ্ট্ৰীয় গীতটোৰ ১৫০ বছৰীয়া তাৎপৰ্য আৰু ইয়াৰ দ্বাৰা অনুপ্ৰাণিত স্বাধীনতা, সাংস্কৃতিক চেতনা আৰু দেশপ্ৰেমক প্ৰতিফলিত কৰা হৈছে । বাংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰা এই গীতটো এইবাৰৰ পেৰেড, টেবল’ আৰু সাংস্কৃতিক অনুষ্ঠানৰ কেন্দ্ৰবিন্দু ।

এইবাৰৰ পেৰেডৰ আন এটা ডাঙৰ আকৰ্ষণ হৈছে প্ৰবীণ সৈনিকৰ টেবুল, যাৰ থিম হৈছে “সংগ্ৰামৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণলৈকে ।” এই টেবুলত ঐতিহাসিক যুদ্ধ সঁজুলি আৰু অমৰ জৱান জ্যোতিৰ থ্ৰীডি মডেল প্ৰদৰ্শন কৰা হ’ব, য’ত টি-৫৫ আৰু বিজয়ন্তা টেংক, মিগ-২১, মিৰাজ আৰু জাগুৱাৰ বিমান, আই এন এছ মহীশূৰ আৰু আই এন এছ ৰাজপুত অন্তৰ্ভূক্ত হ’ব ।

ইয়াত ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধ আৰু ১৯৯৯ চনৰ কাৰ্গিল অপাৰেচন বিজয়ৰ ছবিও দেখুওৱা হ’ব । টেবুলখনৰ পিছফালৰ অংশত বান সাহায্য, চিকিৎসা সেৱা, শিক্ষা, আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ ওপৰত আলোকপাত কৰা হ’ব ।

ৰাষ্ট্ৰ চেতনা প্ৰদৰ্শিত হ’ব ৩০খন টেবলত-

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৰ্তব্য পথত ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৩খন মন্ত্ৰালয়/বিভাগ/সেৱাকে ধৰি ৩০টা টেবুল প্ৰদৰ্শন কৰা হ’ব । “স্বাধীনতাৰ মন্ত্ৰ : বন্দে মাতৰম” আৰু “সমৃদ্ধিৰ মন্ত্ৰ: আত্মনিৰ্ভৰ ভাৰত” শীৰ্ষক বিষয়বস্তুৰ অধীনত এই টেবুলসমূহত ১৫০ বছৰীয়া “বন্দে মাতৰম” আৰু দেশৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শিত কৰিব ।

১০ হাজাৰ বিশেষ অতিথি-

এইবাৰৰ গণতন্ত্ৰ দিৱসত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিৰ ভিতৰত আছে বিজ্ঞানী, খেলুৱৈ, কৃষক, মহিলা উদ্যোগী, ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক, শিপিনী, আত্মসহায়ক গোটৰ মহিলা, বিশেষভাৱে সক্ষম ব্যক্তি, জনজাতীয় প্ৰতিনিধি আৰু বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী । পেৰেডৰ পিছত এই অতিথিসকলক ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ, প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু দিল্লীৰ অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহ ভ্ৰমণ কৰোৱা হ’ব ।

পেৰেডত নেতৃত্ব দিব পেৰেড কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰে, যি দিল্লী ক্ষেত্ৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং আৰু দ্বিতীয় প্ৰজন্মৰ বিষয়া । সৰ্বোচ্চ বীৰত্ব বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলেও এই পেৰেডত অংশগ্ৰহণ কৰিব । ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন)ৰ এটা সৰু দলেও অংশগ্ৰহণ কৰিব পেৰেডত ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱসে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সংযোগ কৰে… দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

কৰ্তব্য পথত ইতিহাস ৰচিব ২৬ বছৰীয়া মহিলা বিষয়াই… জানক কোন হয় ছিমৰন বালা ?  

কৰ্তব্য পথত এইবাৰৰ গণতন্ত্ৰ দিৱসৰ পেৰেড কিছু ব্যতিক্ৰম হ’ব । এই পেৰেডে এইবাৰ ইতিহাস ৰচিবলৈ সাজু হৈছে ।

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী । ২৬ জানুৱাৰী, গণৰাজ্য দিৱসত ভাৰতে পুনৰবাৰ কৰ্তব্য পথত নিজৰ শক্তি প্ৰদৰ্শন কৰিব । গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতিবছৰেই কৰ্তব্য পথত অনুষ্ঠিত হয় পেৰেড । এই পেৰেডত ভাৰতৰ শৌৰ্য-বীৰ্য, শক্তিৰ লগতে দেশৰ বৈচিত্ৰময় সংস্কৃতিৰ আভাসো প্ৰদৰ্শন কৰা হয় ।

২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড পূৰ্বতকৈ কিছু ব্যতিক্ৰম হ’ব । এই পেৰেডে ইতিহাস ৰচিবলৈ সাজু হৈছে, কিয়নো প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ পুৰুষ ইউনিটৰ নেতৃত্ব দিব এগৰাকী মহিলাই । ২৬ বছৰীয়া ছিমৰন বালাক দিয়া হৈছে এই দায়িত্ব । সামাজিক মাধ্যমত এতিয়া ছিমৰন বালাক লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

কোন হয় ছিমৰন বালা ?

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌশ্বেৰাৰ বাসিন্দা ২৬ বছৰীয়া ছিমৰন বালাই চি আৰ পি এফত এচিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত চি আৰ পি এফৰ পুৰুষ ইউনিটৰ নেতৃত্ব দিব ছিমৰনে । এই ইউনিটত ১৪০ জনতকৈ অধিক পুৰুষ কৰ্মী আছে । ছিমৰন ৰাজৌৰী জিলাৰ প্ৰথমগৰাকী মহিলা যিয়ে চি আৰ পি এফত বিষয়া হিচাপে যোগদান কৰিছে ।

বৰ্তমান চি আৰ পি এফত সহকাৰী অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ২৬ বছৰীয়া ছিমৰান বালাই ২০২৩ চনত এই বাহিনীত যোগদান কৰিছিল । ২০২৩ বৰ্ষত প্ৰথম প্ৰচেষ্টাতে ইউ পি এছ চিৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় ৮২ সংখ্যক লাভ কৰে তেওঁ । ২০২৩ চনত জম্মু-কাশ্মীৰৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা প্ৰাৰ্থী আছিল ছিমৰন ।

কেনেকৈ পুৰুষ ইউনিটৰ কমাণ্ড লাভ কৰিলে ছিমৰনে ?

দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’ব লগা গণৰাজ্য দিৱসৰ পেৰেডত চি আৰ পি এফৰ পুৰুষ ইউনিটৰ নেতৃত্ব দি ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ২৬ বছৰীয়া ছিমৰন বালা । গণৰাজ্য দিৱসৰ পেৰেড আখৰাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত পুৰুষ ইউনিটটোৰ নেতৃত্ব দিয়াৰ দায়িত্ব ছিমৰনক দিয়া হয় । ড্ৰিলৰ সময়ত তেওঁৰ আত্মবিশ্বাস, নিখুঁততা আৰু কমাণ্ড আছিল ব্যতিক্ৰমী । ইয়াৰ ফলত ২৬ জানুৱাৰীত চি আৰ পি এফ ইউনিটৰ নেতৃত্ব দিয়াৰ গৌৰৱ লাভ কৰে ছিমৰন বালাই ।

লগতে পঢ়ক : বাজেট অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ সাক্ষী হ’ব ১০ হাজাৰ অতিথি

গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া পেৰেডৰ সাক্ষী হ’বলৈ প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে ।

এইবাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া পেৰেডৰ সাক্ষী হ’বলৈ বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আছে আয় আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অনুকৰণীয় কাম কৰা, শ্ৰেষ্ঠ উদ্ভাৱক, গৱেষক আৰু ষ্টাৰ্টআপ, আত্মসহায়ক গোট আৰু চৰকাৰী ডাঙৰ ডাঙৰ পদক্ষেপৰ অধীনত সৰ্বোত্তম প্ৰদৰ্শন কৰাসকল ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতি অনুসৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ লগতে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । এই বিশেষ অতিথিসকলক লাইন অৱ ডিউটিৰ বিশিষ্ট স্থানত বহিবলৈ দিয়া হ’ব । অনুষ্ঠানৰ উপৰিও বিশেষ অতিথিসকলক ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ, প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু দিল্লীৰ অন্যান্য বিশিষ্ট স্থানসমূহ ভ্ৰমণৰ ব্যৱস্থা কৰা হ’ব । লগতে সংশ্লিষ্ট মন্ত্ৰীসকলৰ সৈতে মত বিনিময়ৰ সুযোগ পাব তেওঁলোকে ।

ইফালে, ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে চোৰাংচোৱা সংস্থাসমূহৰ পৰা লাভ কৰা একাধিক সন্ত্ৰাসবাদী ভাবুকিৰ তথ্যৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে কৰ্তব্য পথ আৰু সমগ্ৰ নতুন দিল্লীত এক ব্যাপক, প্ৰযুক্তিভিত্তিক নিৰাপত্তা ব্যৱস্থা স্থাপন কৰিছে । এইবাৰ গণৰাজ্য দিৱস উদযাপনৰ বহা ঠাইৰ নাম ভাৰতীয় নদীৰ নামেৰে ৰখা হৈছে ।

অতিথিসকলৰ সুবিধা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সুৰক্ষা নিয়োগসমূহত কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন কৰা হৈছে । তদুপৰি সকলো আমন্ত্ৰিত অতিথি আৰু টিকটধাৰীক আমন্ত্ৰণ পত্ৰত থকা তথ্য ভালদৰে পঢ়ি নিৰ্দিষ্ট পথসমূহ মানি চলিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে । পথ, পাৰ্কিং আৰু নিৰ্দিষ্ট স্থান সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু দিল্লী আৰক্ষীৰ ৱেবছাইটত উপলব্ধ ।

লগতে পঢ়ক : ‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

আজি দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস, কৰ্তব্য পথত জিলিকিব দেশৰ শৌৰ্য-বীৰ্য

আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গণৰাজ্য দিৱস । দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জড়িত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট ।

১৯৫০ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল । এই উপলক্ষে দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

আজি পুৱা ১০:৩০ বজাৰ পৰা দিল্লীত আৰম্ভ হ’ব গণৰাজ্য দিৱসৰ পেৰেড আৰু অনুষ্ঠিত হ’ব প্ৰায় ৯০ মিনিটৰ এক বৰ্ণাঢ্য অনুষ্ঠান।গণতন্ত্ৰ দিৱসৰ এইবাৰৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টো ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তাৰ পিছত তেওঁ কৰ্তব্য পথত পেৰেড চাবলৈ উপস্থিত হ’ব।

ইয়াৰ পিছত পৰম্পৰা অনুসৰি জাতীয় পতাকা উত্তোলন কৰা হ’ব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত আৰু তাৰ পিছত ২১ জাঁট টোপধ্বনি প্ৰদৰ্শন কৰা হ’ব।

উল্লেখ্য যে এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰত এখন সার্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল।

মহাত্মা গান্ধীৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এইয়া সম্ভৱ হৈ উঠিছিল।

তেতিয়াৰে পৰা জানুৱাৰীৰ ২৬ দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দি উদযাপন কৰি আহিছে।

সমগ্ৰ দেশৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱস পালন কৰা হৈছে। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পালন কৰা হৈছে গণৰাজ্য দিৱস।