শুকুৰবাৰে পুৱা অৰুণাচলৰ টাৱাং চু নদীৰ আশে-পাশে থকা বনাঞ্চলত বনজুইৰ সূত্ৰপাত হয় । জিলা বিষয়াসকলে জনোৱা মতে, এই জুই দ্ৰুতগতিত বিয়পি পৰাৰ ফলত ছাগকিউৰ আৰু কাষৰীয়া গাঁওসমূহৰ বাবে ভাবুকিৰ সৃষ্টি হয় ।
বিষয়াসকলে জনোৱা মতে লুংলা প্ৰশাসনে সাশাস্ত্ৰ সীমা বাল (এছ এছ বি), টাৱাং ব্ৰিগেডৰ ভাৰতীয় সেনা, স্থানীয় আৰক্ষী আৰু ৰাইজৰ সহায়ত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি গাঁওখনৰ সমীপত আৰু আৱাসিক অঞ্চলৰ সমীপত জুই নিয়ন্ত্ৰণ কৰি সফলতাৰে জীৱন আৰু সম্পত্তিৰ সম্ভাব্য ক্ষতি ৰোধ কৰে ।
কিন্তু এতিয়াও থিয় পাহাৰ আৰু দুৰ্গম অঞ্চলৰ বাবে ঘন অৰণ্যত জুই জ্বলি আছে আৰু ইয়াক বিয়পি পৰাত বাধা দিবলৈ কৰ্তৃপক্ষ সষ্টম হৈ আছে । লুংলাৰ অতিৰিক্ত জিলা আয়ুক্ত আমা নুংনু মাৰা আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া গেণ্ডেন ছ’মুৱে ক্ষেত্ৰভিত্তিক সমন্বয় প্ৰচেষ্টাৰ নেতৃত্ব দিছে ।