এফালে, টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত টি-২০ শৃংখলা পূৰ্ণ গতিত চলি আছে, আনহাতে, ঘৰুৱা ক্ৰিকেটৰ প্ৰতিষ্ঠিত টুৰ্ণামেণ্ট ৰঞ্জী ট্ৰফী তাৰকা খেলুৱৈসকলৰ বাবে চৰ্চা লাভ কৰিছে।
অষ্ট্ৰেলিয়া ভ্ৰমণত বিফল হোৱা বহুতো ভাৰতীয় খেলুৱৈয়ে ২০২৪-২৫ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ ষষ্ঠ ৰাউণ্ডত খেলি আছে।ইয়াৰ ভিতৰত আছে ৰোহিত শৰ্মা, ঋষভ পন্ত, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাদেজাৰ দৰে বহুতো ডাঙৰ খেলুৱৈ।
এই ডাঙৰ মুখবোৰৰ ভিতৰত, লক্ষ্ণৌ চুপাৰ জায়াণ্টছ অৰ্থাৎ এলএছজিৰ এজন বেটছমেনে দ্বিশতক অৰ্জন কৰি এক আলোড়নৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মাজত অনুষ্ঠিত হোৱা খেলখনত এই দ্বিশতক অৰ্জন কৰিছে।
উত্তৰ প্ৰদেশৰ অধিনায়ক আৰ্যন জুয়ালে বিহাৰৰ বলাৰসকলৰ হাড় ভাঙি এটা সুন্দৰ দ্বিশতক অৰ্জন কৰিছিল। তেওঁ ২৫৬ টা বলৰ সন্মুখীন হৈছিল আৰু ১৮ টা চাৰি তথা ১ টা ছয়ৰ সহায়ত অপৰাজিত ২০০ ৰাণ সংগ্ৰহ কৰিছিল।
আই পি এল ২০২৫ ৰ পূৰ্বে জুয়ালৰ বেটৰ পৰা এই দ্বিশতকে লক্ষ্ণৌ চুপাৰ জায়াণ্টছ (এলএছজি) শিবিৰক সন্তুষ্ট কৰিব।
আৰ্যন জুয়ালক আই পি এল ২০২৫ ত লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ হৈ খেলা দেখিবলৈ পোৱা যাব। ইয়াৰ পূৰ্বে, তেওঁ ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ অংশ আছিল।
জুয়ালৰ দ্বিশতকৰ বাবে ইউপি দলে তেওঁলোকৰ প্ৰথম ইনিংছ ৬০৩/২ স্ক’ৰত ঘোষণা কৰে। জুয়ালৰ উপৰিও অভিষেক গোস্বামীয়ে ১৯৮ ৰাণ আৰু কৰণ শৰ্মাই ১১৮ ৰাণ সংগ্ৰহ কৰে।
২০১৮ চনত ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ কৰা যুৱ জুয়ালে ২০১৯ চনত ১৭ বছৰ বয়সত ইউপিৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে।
তেওঁ এতিয়ালৈকে ২৫ খন প্ৰথম শ্ৰেণীৰ মেচত ৪০ তকৈ অধিক গড়ে ১৬৬১ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৬টা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰিছে।এই ৬ টা শতকৰ ভিতৰত আছে ২ টা দ্বিশতক।
আৰ্যন জুয়াল ২০১৮ চনত অনুৰ্ধ-১৯ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল। তাৰ পিছত তেওঁ ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনৰ বাবে আই পি এল ২০২৩ ত মুম্বাই ইণ্ডিয়ানছত প্ৰৱেশ কৰিছিল আৰু এতিয়া লক্ষ্ণৌ চুপাৰ জায়ান্টছ দলৰ অংশ।