বিহাৰৰ ভিজিলেন্স বিভাগে বেতিয়াত জিলা শিক্ষা বিষয়া (ডিইঅ’) ৰজনীশান্ত প্ৰবীণৰ বাসগৃহত তালাচী চলাইছে। এই অভিয়ানত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তথ্য অনুসৰি, বেতিয়া-চাৰিচাৱা পথত থকা তেওঁৰ ভাড়াঘৰত প্ৰায় ১.৮৭ কোটি টকা পোৱা গৈছে। অভিযানটোত, ইমান বোৰ নোটৰ বাণ্ডল পোৱা গৈছিল যে ধন গণিবলৈ কেইবাটাও মেচিন আনিব লগা হৈছিল ।
ইয়াৰ লগতে, ডি.ই.ও.-ৰ অন্যান্য স্থানতো অভিযান চলি আছে। মুফাচিল আৰক্ষী থানা অঞ্চলৰ ৰে’লৱে ধলাৰ ওচৰত অৱস্থিত জিলা শিক্ষা বিষয়াৰ বাসগৃহত নিৰীক্ষণ বিভাগে এই অভিযান চলাই আছে।
নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। নিৰাপত্তাকৰ্মীসকলক বিষয়াজনৰ বাসগৃহৰ বাহিৰত ৰখাই থোৱা হৈছে।
অৱশ্যে, নিৰীক্ষণ বিভাগে এতিয়ালৈকে স্পষ্ট কৰা নাই যে এই অভিযানৰ কাৰণ কি। বিভাগটোৰ বিষয়াসকলে বৰ্তমানেও অভিয়ান চলাই আছে। এই অভিযানৰ পিছত এজন জিলা শিক্ষা বিষয়াৰ ঘৰৰ পৰা ইমান বৃহৎ পৰিমাণৰ নগদ ধন পোৱাত আচৰিত হৈছে।