শীতকালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ বাবে এজন ব্যক্তি সঘনাই অসুস্থ হ’বলৈ আৰম্ভ কৰে । শীতকালত মানুহে বদহজম, গেছ, কোষ্ঠকাঠিন্য আদি হজম সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰকৃততে শীতকালত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত খাদ্য হজম কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে । এনে পৰিস্থিতিত জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিলে আমাৰ আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰে, যাৰ বাবে পাচন শক্তি বৃদ্ধি কৰিব পাৰি ।
শীতকালত হজম শক্তি বৃদ্ধি কৰিবলৈ আপোনাৰ জীৱনশৈলীত এই পৰিৱৰ্তন কৰক-
সতেজ আৰু গৰম খাদ্য খাওক : শীতকালত সতেজ আৰু গৰম খাদ্যই শৰীৰক আৰাম আৰু হজম হোৱাত সহায় কৰে । চূপ, ষ্টু, গৰম দাইল আদি খাদ্য সামগ্ৰী আন্ত্ৰিক স্বাস্থ্যৰ বাবে ভাল । লগতে শীতকালত গধুৰ আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থকাটো ভাল কাৰণ ইয়াৰ ফলত পাচনতন্ত্ৰত হেঁচা পৰিব পাৰে ।
পানী আৰু হাইড্ৰেচনৰ প্ৰতি গুৰুত্ব দিয়ক : শীতকালত মানুহে পানী কমকৈ খায়, যাৰ ফলত হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয় । হজম শক্তিৰ বাবে হাইড্ৰেটেড হৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ । কুহুমীয়া পানী বা বনৌষধি চাহ যেনে তুলসী বা পদিনা চাহ খালে হজম শক্তিত সহায় হয় ।
লঘু আৰু সময়মতে খাব লাগে : গধুৰ আৰু ভজা খাদ্য পৰিহাৰ কৰিব লাগে কাৰণ শীতকালত এইবোৰ হজম কৰাত অসুবিধা হ’ব পাৰে । গতিকে লঘু খাদ্য যেনে চুপ, খিচড়ি, সিজোৱা খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক । ভাল হজম শক্তিৰ বাবে সময়মতে খাদ্য খোৱাটোও জৰুৰী । শুবলৈ যোৱাৰ পূৰ্বে গধুৰ আহাৰ খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে ।
ব্যায়াম আৰু যোগাসন কৰক : ঠাণ্ডা বতৰত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় । সেয়েহে যোগাসন, খোজ কঢ়া আদি লঘু ব্যায়ামে হজম শক্তি উন্নত কৰাত সহায় কৰে ।
মানসিক চাপ কমাওক : শীতকালত মানসিক চাপেও হজম শক্তিত প্ৰভাৱ পেলাব পাৰে । মানসিক চাপ কম কৰিবলৈ ধ্যান আৰু উশাহ-নিশাহৰ ব্যায়াম কৰক । ই কেৱল মানসিক শান্তি প্ৰদান কৰাই নহয় হজম শক্তিও উন্নত কৰে ।