পৃথিৱীৰ বেছিভাগ দেশতে আয়কৰ (Income Tax) হৈছে চৰকাৰৰ আয়ৰ মূল উৎস । ভাৰতৰ কথা ক’বলৈ গ’লে ইয়াত জনসাধাৰণৰ আয় অনুযায়ী আয়কৰ আৰোপ কৰা হয়, অৰ্থাৎ যিসকলে কম উপাৰ্জন কৰে তেওঁলোকে কম আয়কৰ দিব লাগে আৰু যিসকলে অধিক উপাৰ্জন কৰে তেওঁলোকে অধিক কৰ দিব লাগে ।
কিন্তু আপুনি জানেনে যে বিশ্বৰ বহু দেশ আছে য’ত ভাৰততকৈ আয়কৰ অধিক সংগ্ৰহ কৰা হয় । একে সময়তে এনে বহু দেশ আছে য’ত আয়কৰ সংগ্ৰহ নহয়, অৰ্থাৎ কোনো মানুহে কোনো আয়কৰ দিব নালাগে ।
কিছুদিনৰ পাছতে দেশৰ সাধাৰণ বাজেট (Union Budget 2025) দাখিল হ’বলৈ গৈ আছে । বাজেটত যি ঘোষণাৰ ওপৰত দেশৰ জনসাধাৰণৰ দৃষ্টি আটাইতকৈ বেছি কেন্দ্ৰীভূত হয় সেয়া হৈছে আয়কৰ সুবিধা । কিন্তু আজি আমি আপোনালোকক এনে কেইখনমান দেশৰ কথা ক’বলৈ ওলাইছো য’ত এটকাও কৰ লোৱা নহয় । এতিয়া প্ৰশ্ন হয় এই দেশসমূহৰ অৰ্থনীতি কৰ অবিহনে কেনেকৈ চলি থাকে ।
ইউ এ ই (UAE)-
যদি আমি বিশ্বৰ প্ৰত্যক্ষ কৰমুক্ত অৰ্থনীতি থকা দেশসমূহলৈ চাওঁ, তেন্তে ইয়াত সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ নামটোৱেই প্ৰথম স্থান লাভ কৰে । দেশখনত জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ ব্যক্তিগত কৰ আৰোপ কৰা নহয় । চৰকাৰে পৰোক্ষ কৰ যেনে ভেট (Value Added Tax) আৰু অন্যান্য লেভিৰ ওপৰত নিৰ্ভৰ কৰে । তেল আৰু পৰ্যটনৰ বাবে ইউ এ ইৰ অৰ্থনীতি অতি শক্তিশালী । সেইবাবে ইউ এ ইৰ লোকসকলক আয়কৰৰ পৰা সকাহ দিয়া হৈছে ।
বাহৰেইন-
বাহৰেইনৰ নামো কৰমুক্ত দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই দেশতো জনসাধাৰণৰ পৰা কোনো কৰ সংগ্ৰহ কৰা নহয় । ডুবাইৰ দৰে দেশখনৰ চৰকাৰেও প্ৰত্যক্ষ কৰতকৈ পৰোক্ষ কৰ আৰু অন্যান্য লেভিৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে । এই পদ্ধতি দেশৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ষ্টাৰ্টআপৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয় আৰু ই অৰ্থনীতিকো গতি প্ৰদান কৰে ।
কুৱেইট-
কুৱেইটকো কৰমুক্ত দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াত ব্যক্তিগত আয়কৰ নাই । সম্পূর্ণৰূপে তেলৰ পৰা পোৱা আয়ৰ ওপৰত ভিত্তি কৰি দেশখনৰ অর্থনীতি জনসাধাৰণৰ পৰা কৰ হিচাপে এটকাও সংগ্রহ নকৰাকৈয়ে চলি থাকে ৷ আচলতে ইয়াৰ আঁৰৰ কাৰণবোৰৰ কথা ক’লে কুৱেইটৰ অৰ্থনীতিৰ আটাইতকৈ ডাঙৰ অংশটো তেল ৰপ্তানিৰ পৰাই আহে, যাৰ বাবে চৰকাৰে প্ৰত্যক্ষ কৰ লোৱাৰ প্ৰয়োজন নাই । এই আৰ্হি গ্ৰহণ কৰাৰ পিছত কুৱেইট কৰমুক্ত দেশ হোৱাৰ পিছতো এখন সমৃদ্ধিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে ।
চৌদি আৰব-
ছৌদি আৰবেও নিজৰ জনসাধাৰণক কৰৰ হেঁচাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি ৰাখিছে আৰু দেশখনত প্ৰত্যক্ষ কৰ বিলুপ্ত কৰা হৈছে । অৰ্থাৎ এই দেশতো মানুহে নিজৰ আয়ৰ এটা অংশও কৰ হিচাপে খৰচ কৰিব নালাগে । কিন্তু এই দেশতো পৰোক্ষ কৰ ব্যৱস্থা শক্তিশালী আৰু ইয়াৰ পৰা পোৱা ধনে অৰ্থনীতিক এক গতি দিয়ে আৰু ইয়াক সমৃদ্ধিশালী অৰ্থনীতিৰ ভিতৰতো গণ্য কৰা হয় ।
দ্য বাহামাছ-
পৰ্যটকৰ স্বৰ্গ বুলি কোৱা দ্য বাহামাছ পশ্চিম গোলাৰ্ধত অৱস্থিত এখন দেশ । এই দেশৰ বিশেষ কথাটো হ’ল ইয়াত বসবাস কৰা নাগৰিকে আয়কৰ দিব নালাগে । বাহৰেইন আৰু কুৱেইটৰ উপৰিও উপসাগৰীয় দেশ ওমানকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ওমানৰ নাগৰিকে আয়কৰ দিব নালাগে । ইয়াৰ কাৰণ ওমানৰ শক্তিশালী তেল আৰু গেছ খণ্ড বুলি বিবেচিত হৈছে । ওমান, বাহৰেইন আৰু কুৱেইটৰ দৰে কাটাৰতো একেধৰণৰ পৰিস্থিতি । তেল খণ্ডত কাটাৰো অতি শক্তিশালী । এই দেশখন সৰু, কিন্তু ইয়াত বসবাস কৰা মানুহবোৰ বহুত ধনী । ইয়াতো আয়কৰ সংগ্ৰহ কৰা নহয় ।