গ্লোৱেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা বৰ্তমান ভাৰতত আছে আৰু তেওঁ উপাসনাৰ প্ৰতি সম্পূৰ্ণৰূপে আগ্ৰহী হৈ পৰিছে। শেহতীয়াকৈ খবৰ পোৱা গৈছিল যে অভিনেত্ৰীগৰাকীয়ে মহাকুম্ভত স্নান কৰিবলৈ গৈছিল।
এতিয়া অভিনেত্ৰীগৰাকীয়ে নিজেই ফটো শ্বেয়াৰ কৰিছে আৰু কৈছে যে তেওঁ ক’ত আছে আৰু কি কৰি আছে। প্ৰিয়ংকাই হায়দৰাবাদৰ মন্দিৰ দৰ্শন কৰিছে।

অভিনেত্ৰীগৰাকীয়ে তেলেংগানাৰ চিলকুৰ বালাজী মন্দিৰ পৰিদৰ্শন কৰিছিল আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰিছিল। তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট দি লিখিছিল যে এটা ‘নতুন অধ্যায়’ আৰম্ভ কৰিবলৈ গৈ আছে।

প্ৰিয়ংকাই লিখিছিল- শ্ৰী বালাজীৰ আশীৰ্বাদত এক নতুন অধ্যায় আৰম্ভ হৈছে। আমাৰ সকলোৱে হৃদয়ত শান্তি ,সমৃদ্ধি আৰু চাৰিওফালে প্ৰাচুৰ্য থাকক।ঈশ্বৰৰ অনুগ্ৰহ অসীম। ওম নমো নাৰায়ণয়’।

প্ৰিয়ংকাই দক্ষিণ তাৰকা ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাকো টেগ কৰি ধন্যবাদ জনাইছিল।দৰাচলতে, অভিনেত্ৰীগৰাকীয়ে শীঘ্ৰেই এছ এছ ৰাজামৌলীৰ মহেশ বাবু অভিনীত এছএছএমবি ২৯ ৰ সৈতে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ কথা ঘোষণা কৰিব।
ইফালে, প্ৰিয়ংকাই মঙলবাৰে ইনষ্টাগ্ৰামত মন্দিৰ ভ্ৰমণৰ বহুতো ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। এখন ফটোত তেওঁক মন্দিৰৰ চৌহদৰ ভিতৰত পণ্ডিতৰ সৈতে কথা পাতি থকা দেখা গৈছিল।

অভিনেত্ৰীগৰাকী কিছুদিন পূৰ্বে টৰণ্টোৰ পৰা হায়দৰাবাদত উপস্থিত হৈছিল।