আৰ জি কৰ মেডিকেল কলেজৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰয়ক শিয়ালদহ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে পশ্চিম বংগ চৰকাৰ । এডভোকেট জেনেৰেল কিশোৰ দত্তই সঞ্জয় ৰয়ৰ মৃত্যুদণ্ড বিচাৰি ন্যায়াধীশ দেবাংশু বাচাকৰ বিচাৰপীঠৰ সন্মুখত এখন আবেদন দাখিল কৰিছে । গোচৰটো দাখিল কৰাৰ অনুমতি দিয়া হৈছে ।
ইয়াৰ পূৰ্বে মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়ে আৰ জি কৰ হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা শিয়ালদহ আদালতে দিয়া নিৰ্দেশৰ বিৰুদ্ধে আবেদন দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰে । এই গোচৰৰ একমাত্ৰ দোষী ৰয়ৰ মৃত্যুদণ্ড বিচাৰি ন্যায়াধীশ দেবাংশু বাছাকৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠৰ সন্মুখত আবেদন জনায় এডভোকেট জেনেৰেল কিশোৰ দত্তই । ৰাজ্য চৰকাৰে শিয়ালদহ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অনিৰ্বান দাসৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ অনুমতি বিচাৰিছিল ।
আদালতৰ এই সিদ্ধান্তত সুখী নাছিল মমতা চৰকাৰ-
আৰ জি কৰ হাস্পতালত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আদালতে । এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল । তেওঁ কৈছিল যে এইটো আটাইতকৈ বিৰল অপৰাধ আৰু দোষীক মৃত্যুদণ্ড দিয়া উচিত আছিল । সোমবাৰে তেওঁ কৈছিল যে সঞ্জয় ৰয়ৰ মৃত্যুদণ্ড বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বংগ চৰকাৰ ।
আদালতে কি সিদ্ধান্ত দিলে ?
ইয়াৰ পূৰ্বে সোমবাৰে আৰ জি কৰ গোচৰত এই শাস্তি ঘোষণা কৰা হৈছিল । দুপৰীয়া ২.৪৫ বজাত ৰায়দানৰ সময়ত আদালতে দোষী সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । সঞ্জয় ৰয়ক ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে শিয়ালদহ আদালতে । শিয়ালদহ আদালতৰ ন্যায়াধীশ অনিৰ্বান দাসে কয় যে এইটো আটাইতকৈ বিৰল গোচৰ নহয় । ভুক্তভোগীৰ মৃত্যুৰ বাবে পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু অতিৰিক্ত ৭ লাখ টকা দিব লাগে ।