ৱাশ্বিংটন ডিচিত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পূৰ্বে আয়োজিত নৈশ আহাৰত অংশগ্ৰহণ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে । এই বিশেষ অনুষ্ঠানত বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতি, বিশ্ব ব্যৱসায়িক নেতা আৰু ট্ৰাম্পৰ মন্ত্ৰীসভাৰ মনোনীত সদস্য উপস্থিত থাকে ।
ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত আম্বানী পৰিয়ালক আন ভাৰতীয় উদ্যোগী, যেনে এম থ্ৰী এম ডেভেলপাৰ্ছৰ পৰিচালন সঞ্চালক পংকজ বানছাল, ট্ৰাইবেকা ডেভেলপাৰ্ছৰ প্ৰতিষ্ঠাপক কল্পেশ মেহতাৰ সৈতে দেখা যায় । ভাৰতত ট্ৰাম্প টাৱাৰ স্থাপনৰ মূল অংশীদাৰ কল্পেশ মেহতা । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিসমূহত মেহতাই মুকেশ আৰু নীতা আম্বানীৰ সৈতে প’জ দিয়া দেখা গৈছে ।
বিশেষ পোছাক পৰিধান কৰা দেখা গ’ল আম্বানী পৰিয়ালক-
এই অনুষ্ঠানত মুকেশ আম্বানীয়ে ক’লা চ্যুট, আনহাতে নীতা আম্বানীয়ে ৰেচমৰ শাৰীৰ সৈতে দীঘল অভাৰকোট পিন্ধা দেখা গৈছিল । আন বহু বৃহৎ উদ্যোগপতিও এই অনুষ্ঠানত অংশ লৈছিল । ইয়াৰ উপৰিও এই উপলক্ষে আমাজন ডট কমৰ প্ৰতিষ্ঠাপক জেফ বেজোছ আৰু মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গকো দেখা গৈছিল ।