শপতগ্ৰহণৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ নৈশ ভোজত অংশ ল’লে মুকেশ আৰু নীতা আম্বানীয়ে...

শপতগ্ৰহণৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ নৈশ ভোজত অংশ ল’লে মুকেশ আৰু নীতা আম্বানীয়ে…

ৱাশ্বিংটন ডিচিত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পূৰ্বে আয়োজিত নৈশ আহাৰত অংশগ্ৰহণ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে । এই বিশেষ অনুষ্ঠানত বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতি, বিশ্ব ব্যৱসায়িক নেতা আৰু ট্ৰাম্পৰ মন্ত্ৰীসভাৰ মনোনীত সদস্য উপস্থিত থাকে । ৰাতিৰ

ৱাশ্বিংটন ডিচিত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পূৰ্বে আয়োজিত নৈশ আহাৰত অংশগ্ৰহণ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে । এই বিশেষ অনুষ্ঠানত বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতি, বিশ্ব ব্যৱসায়িক নেতা আৰু ট্ৰাম্পৰ মন্ত্ৰীসভাৰ মনোনীত সদস্য উপস্থিত থাকে ।

ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত আম্বানী পৰিয়ালক আন ভাৰতীয় উদ্যোগী, যেনে এম থ্ৰী এম ডেভেলপাৰ্ছৰ পৰিচালন সঞ্চালক পংকজ বানছাল, ট্ৰাইবেকা ডেভেলপাৰ্ছৰ প্ৰতিষ্ঠাপক কল্পেশ মেহতাৰ সৈতে দেখা যায় । ভাৰতত ট্ৰাম্প টাৱাৰ স্থাপনৰ মূল অংশীদাৰ কল্পেশ মেহতা । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিসমূহত মেহতাই মুকেশ আৰু নীতা আম্বানীৰ সৈতে প’জ দিয়া দেখা গৈছে ।

বিশেষ পোছাক পৰিধান কৰা দেখা গ’ল আম্বানী পৰিয়ালক-

এই অনুষ্ঠানত মুকেশ আম্বানীয়ে ক’লা চ্যুট, আনহাতে নীতা আম্বানীয়ে ৰেচমৰ শাৰীৰ সৈতে দীঘল অভাৰকোট পিন্ধা দেখা গৈছিল । আন বহু বৃহৎ উদ্যোগপতিও এই অনুষ্ঠানত অংশ লৈছিল । ইয়াৰ উপৰিও এই উপলক্ষে আমাজন ডট কমৰ প্ৰতিষ্ঠাপক জেফ বেজোছ আৰু মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গকো দেখা গৈছিল ।