শীতকালত সেউজীয়া মটৰ খাবলৈ সকলোৱে ভাল পাই । এই বতৰত বজাৰত সেউজীয়া আৰু সতেজ শাক-পাচলি সহজে পোৱা যায় । সেউজীয়া মটৰো সেই শাক-পাচলিবোৰৰ ভিতৰত অন্যতম । যেতিয়াই সতেজ মটৰৰ কথা আহে, তেতিয়াই ইয়াক আপুনি শীতকালতহে পাব । সেউজীয়া মটৰৰ পৰা বহু ধৰণৰ ৰেচিপি তৈয়াৰ কৰিব পাৰি । মটৰত পৰ্যাপ্ত পৰিমাণৰ আইৰণ, জিংক, মেংগানিজ আৰু কপাৰ পোৱা যায় । কেৱল এয়াই নহয়, ইয়াত এন্টি-অক্সিডেন্ট গুণো থাকে, যিয়ে শৰীৰক বহু উপকাৰ প্ৰদান কৰাত সহায় কৰে । গতিকে সেউজীয়া মটৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানক ।
কলেষ্টেৰল-
সেউজীয়া মটৰত থকা দ্ৰৱণীয় আঁহে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে । যদি আপুনি বেয়া কলেষ্টেৰল হ্ৰাস কৰিব বিচাৰে আৰু শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি কৰিব বিচাৰে তেন্তে সেউজীয়া মটৰ সেৱন কৰিব পাৰে ।
মেদবহুলতা-
সেউজীয়া মটৰত থকা আঁহ আৰু প্ৰটিনে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে । শীতকালত খাদ্যত সেউজীয়া মটৰ অন্তৰ্ভুক্ত কৰি ওজন হ্ৰাস কৰিব পাৰে ।
পাচন-
সেউজীয়া মটৰত থকা আঁহে পাচনতন্ত্ৰ ভালে ৰাখিব পাৰে । সেউজীয়া মটৰ সেৱন কৰিলে পেটৰ সমস্যা দূৰ হয় আৰু হজম শক্তি ভাল হয় ।
প্ৰতিৰোধ ক্ষমতা-
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সেউজীয়া মটৰ সেৱন কৰিব পাৰে । কাৰণ সেউজীয়া মটৰত থকা এন্টিঅক্সিডেন্টবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰে । শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে ।