ৰাজকোটত অনুষ্ঠিত হৈ থকা তৃতীয়খন এদিনীয়াত আয়াৰলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই । মন্ধানাই মাত্ৰ ৭০টা বলত শতক অৰ্জন কৰে, যিটো ভাৰতৰ হৈ মহিলা ক্ৰিকেটৰ যিকোনো বেটছমেনৰ আটাইতকৈ দ্ৰুততম শতক । বিগত বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮৭টা বলত শতক অৰ্জন কৰা হৰমনপ্ৰীত কৌৰক এই ক্ষেত্ৰত মন্ধানাই অতিক্ৰম কৰে ।
শতক অৰ্জন কৰাৰ পিছত মন্ধানাই বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু তেওঁৰ উইকেট বিসৰ্জন দিয়ে । অৰ্লা প্ৰেণ্ডাৰগাষ্টে মন্ধানাৰ উইকেট দখল কৰি দলটোক প্ৰথম সফলতা প্ৰদান কৰে । ১২টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৮০টা বলত ১৩৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় মন্ধনা । ইয়াৰ লগে লগে মন্ধনা আৰু প্ৰতীকা ৰাৱালৰ মাজত প্ৰথম উইকেটৰ বাবে ২৩৩ ৰানৰ অংশীদাৰিত্বৰ অন্ত পৰে । মন্ধানাই দ্ৰুততম ইনিংছ খেলি দলটোক শক্তিশালী স্থিতিলৈ আনে ।
ভাৰতৰ হৈ মহিলাৰ এদিনীয়া ক্ৰিকেটত আটাইতকৈ দ্ৰুততম শতক-
৭০টা বল- স্মৃতি মন্ধানা আয়াৰলেণ্ড ২০২৫
৮৭টা বল- হৰমনপ্ৰীত কৌৰ দক্ষিণ আফ্ৰিকা ২০২৪
৯০টা বল- হৰমনপ্ৰীত কৌৰ অষ্ট্ৰেলিয়া ২০১৭
৯০টা বল- জেমিমাহ ৰড্ৰিগজ আয়াৰলেণ্ড ২০২৫
৯৮টা বল- হাৰ্লিন দেওল ৱেষ্ট ইণ্ডিজ ২০২৪
এদিনীয়াত ভাৰতৰ বাবে তৃতীয় সৰ্বোচ্চ অংশীদাৰিত্ব-
ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলতো শক্তিশালী আৰম্ভণি কৰিবলৈ সক্ষম হৈছে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পাছত মন্ধানা আৰু ৰাভালে ভাৰতক সুদৃঢ় আৰম্ভণি দি ২৪ অভাৰৰ অন্তত স্ক’ৰ ২০০ ৰ ওপৰলৈ লৈ যায় । এই সময়ছোৱাত মন্ধানাই আক্ৰমণাত্মকভাৱে বেটিং কৰি ডাঙৰ ডাঙৰ শ্বট খেলি থাকিল, আনহাতে ৰাভালেও আনটো মূৰত দৃঢ়তাৰে থাকিল । মন্ধানা আৰু ৰাভালে প্ৰথম উইকেটত ২৩৩ ৰান সংযোজন কৰে, যিটো এদিনীয়াত ভাৰতীয় মহিলাৰ তৃতীয় সৰ্বাধিক অংশীদাৰিত্ব । এদিনীয়া মেচত ভাৰতৰ বাবে সৰ্বোচ্চ অংশীদাৰিত্বৰ অভিলেখ আছে ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩২০ ৰান সংযোজন কৰা পুনম ৰাউত আৰু দীপ্তি শৰ্মাৰ নামত ।
এদিনীয়া ক্ৰিকেটত ভাৰতৰ বাবে যিকোনো উইকেটত সৰ্বোচ্চ অংশীদাৰিত্ব-
৩২০ ৰাণ- পুনাম-দীপ্তি আয়াৰলেণ্ড ২০১৭
২৫৮*ৰাণ- মিতালী-ৰেশমা আয়াৰলেণ্ড ১৯৯৯
২৩৩ ৰাণ- মন্ধানা-ৰাভাল আয়াৰলেণ্ড ২০২৫
২২৩* ৰাণ- অঞ্জুম-জয়া পাকিস্তান ২০০৫
১৯০ ৰাণ- মন্ধানা-ৰড্ৰিগছ নিউজীলেণ্ড ২০১৯
কেৰিয়াৰৰ দশম এদিনীয়া শতক-
এদিনীয়া কেৰিয়াৰত এয়া মন্ধানাই দশম শতক আৰু মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা যৌথ তৃতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । মহিলাৰ ৫০ অভাৰৰ ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ১৫টা শতক অৰ্জন কৰা মেগ লেনিঙৰ হাতত আছে । ইয়াৰ পিছতে এদিনীয়াত ১৩টা শতক অৰ্জন কৰা চুজি বেটছ । একে সময়তে এই ভাৰতীয় বেটছমেনৰ দৰে এদিনীয়া মেচত ১০টা শতক অৰ্জন কৰা টেমি বিউমন্টৰ সৈতে এতিয়া এই তালিকাৰ তৃতীয় স্থানলৈ আহিছে মন্ধানা ।