আজি কংগ্ৰেছ দলে মুকলি কৰিলে দলৰ নতুন মুখ্য কাৰ্যালয় । জ্যোষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দলীয় নতুন কাৰ্যালয়টো উদ্বোধন কৰে । ইয়াৰ পিছত দলটোৰ নতুন ঠিকনা ৯এ কোটলা ৰোডলৈ সলনি হৈছে । ইয়াৰ পূৰ্বে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আছিল ২৪ আকবৰ ৰোড ।
কংগ্ৰেছৰ নতুন এ আই চি চি মুখ্য কাৰ্যালয়ৰ নাম ‘ইন্দিৰা ভৱন’ । কোৱা হৈছে যে এই কাৰ্যালয়টো ২৫২ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে । নতুন মুখ্য কাৰ্যালয়ত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিত দলৰ পতাকা উত্তোলন কৰা হয় ।
ৰাহুল গান্ধীয়ে কয় যে আমি দলৰ সকলো কৰ্মীক অভিনন্দন জনাইছো যে আমি এটা নতুন মুখ্য কাৰ্যালয় পাইছো । এইটো সাধাৰণ অট্টালিকা নহয়, এই অট্টালিকাটো কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফল ।
নতুন কংগ্ৰেছ কাৰ্যালয়ৰ তলৰ মহলাত বাওঁফালে এটা উচ্চ প্ৰযুক্তিৰ সংবাদমেল কক্ষ সাজু কৰা হৈছে । নতুন অট্টালিকাটোৰ ঠিক মাজতে ৰিচেপচন, তাৰ ঠিক পিছফালে কেণ্টিন নিৰ্মাণ কৰা হৈছে । অট্টালিকাটোৰ বাওঁফালে থাকিব কংগ্ৰেছৰ মিডিয়া ইনচাৰ্জৰ কাৰ্যালয় । ইয়াৰ লগতে টিভিৰ বিতৰ্কৰ বাবে সৰু সৰু শব্দ নিবাৰণ কক্ষ নিৰ্মাণ কৰা হৈছে । ইয়াৰ কাষতে সাংবাদিক আৰু কেমেৰাপাৰছনৰ বাবে বহা কোঠাও তৈয়াৰ কৰা হৈছে ।
বিশেষ কাৰ্যসূচীৰ বাবে অট্টালিকাৰ প্ৰথম মহলাৰ বাওঁফালে এটা হাই-টেক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ কৃষক বিভাগ, তথ্য বিভাগৰ দৰে বহু বিভাগৰ সৃষ্টি হৈছে ।
অট্টালিকাটোৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ মহলাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিষয়াসকলৰ কাৰ্যালয় থাকিব । পঞ্চম মহলাত থাকিব কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ কাৰ্যালয় । এই মহলাৰ মাজত হ’ব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কাৰ্যালয় ।
কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয়ত দলৰ ইতিহাস চিত্ৰিত ছবি আছে, য’ত গান্ধী পৰিয়ালৰ সৈতে মতানৈক্য হোৱা বা দল এৰি যোৱা সেইসকল নেতাৰ ছবিও সন্নিবিষ্ট কৰা হৈছে । ইয়াৰ ভিতৰত নৰসিংহ ৰাও, সীতাৰাম য়েচুৰী, প্ৰণৱ মুখাৰ্জী আৰু গুলাম নবী আজাদ ।
সূত্ৰ অনুসৰি এই ফটোসমূহ প্ৰস্তুত কৰাত প্ৰিয়ংকা গান্ধীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে দলৰ নতুন কাৰ্যালয়টোক আধুনিকৰ লগতে ঐতিহাসিক ৰূপ দিয়াৰ ক্ষেত্ৰতো সহায় কৰিছে ।
আকবৰ ৰোডত কেতিয়া মুখ্য কাৰ্যালয় স্থাপন কৰা হৈছিল ?
১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত দলৰ পৰাজয়ৰ পিছত লুটিয়নছৰ দিল্লীৰ ২৪, আকবৰ ৰোড বাংলোটো এ আই চি চিৰ মুখ্য কাৰ্যালয়লৈ ৰূপান্তৰিত হয় । ছাৰ ৰেজিনাল্ড মেক্সৱেলেও এসময়ত আকবৰ ৰোডৰ বাংলোত বাস কৰিছিল ।