ভাৰতীয় মহাকাশ খণ্ডত আৰম্ভ হৈছে এক নতুন যুগ । দৰাচলতে প্ৰথমবাৰৰ বাবে দুটা ব্যক্তিগত ষ্টাৰ্টআপ কোম্পানীয়ে নিজৰ উপগ্ৰহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰিছে । এই উপগ্ৰহসমূহ ভাৰতৰ দুটা ষ্টাৰ্টআপ কোম্পানী পিক্সেল আৰু দিগন্তৰাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছে, যিয়ে পৃথিৱীক প্ৰদক্ষিণ কৰা মহাকাশৰ বস্তুসমূহ নিৰীক্ষণ কৰিব ।
কৃষি আৰু প্ৰতিৰক্ষা খণ্ডত সহায় আগবঢ়াব-
পিক্সেল ভাৰতৰ প্ৰথমটো ব্যক্তিগত কোম্পানী হিচাপে পৰিগণিত হয় যাৰ নিজাকৈ উপগ্ৰহৰ আছে । কোম্পানীটোৰ ১৫০টাতকৈও অধিক বেণ্ডত পৃথিৱী পৰ্যবেক্ষণ কৰাৰ ক্ষমতা আছে । এই প্ৰযুক্তি কৃষি আৰু প্ৰতিৰক্ষাৰ দৰে বিভিন্ন খণ্ডত উপযোগী । ইফালে দিগন্তৰা এৰ’স্পেছে বিশ্বৰ প্ৰথমটো বাণিজ্যিক উপগ্ৰহ- স্পেচ কেমেৰা ফৰ অবজেক্ট ট্ৰেকিং (SCOT) উৎক্ষেপণৰ কথা ঘোষণা কৰিছে, যিয়ে সুৰক্ষিত মহাকাশ অভিযান নিশ্চিত কৰিবলৈ পৃথিৱীৰ কক্ষপথত ৫ চেঃমিৰ দৰে সৰু বস্তু নিৰীক্ষণ কৰিব । পৃথিৱীৰ চাৰিওফালৰ কক্ষপথবোৰ কৃত্ৰিম উপগ্ৰহৰ লগতে মহাকাশৰ ধ্বংসাৱশেষৰে ভৰি আছে । সেয়েহে, আমাৰ মহাকাশ কাৰ্যসূচীৰ সফলতাৰ বাবে সেইবোৰ নিৰীক্ষণ কৰাটো অত্যাৱশ্যকীয় ।
ভৱিষ্যতে মুঠ ১৮টা ফায়াৰফ্লাই উপগ্ৰহ উৎক্ষেপণ কৰিব পিক্সেলে-
পিক্সেলৰ তিনিটা ফায়াৰফ্লাই বৰ্তমান বিশ্বৰ সৰ্বোচ্চ ৰিজ’লিউচনৰ বাণিজ্যিক গ্ৰেডৰ হাইপাৰস্পেকট্ৰল উপগ্ৰহ আৰু ই আনকি অতি অদৃশ্য সবিশেষো ধৰি ৰাখিবলৈ সক্ষম । পিক্সেলৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আৱাইছ আহমেদে কয় যে প্ৰথমবাৰৰ বাবে ৫ মিটাৰ হাইপাৰস্পেকট্ৰল উপলব্ধ । এইটোৱেই ইয়াক কেৱল ভাৰততে নহয়, বিশ্বজুৰি অনন্য কৰি তুলিছে । পিক্সেলে অহা দুমাহত আৰু তিনিটা ফায়াৰফ্লাই উপগ্ৰহ আৰু ভৱিষ্যতে আৰু ১৮টা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে ।
হাইপাৰস্পেকট্ৰল চেটেলাইট ইমেজিং প্ৰযুক্তি এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে-
ইণ্ডিয়ান স্পেচ এছ’চিয়েশ্যনৰ (আই এছ পি এ) সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল এ কে ভাটে কয় যে হাইপাৰস্পেকট্ৰল চেটেলাইট ইমেজিঙৰ বহু ক্ষেত্ৰত বিশেষকৈ প্ৰতিৰক্ষা খণ্ডত পৰিৱৰ্তনশীল ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ বাবে পিক্সেলৰ এই পদক্ষেপ এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে । লেফটেনেণ্ট জেনেৰেল ভাটে কয় যে দিগন্তৰাৰ SCOT উপগ্ৰহ অধিক বহনক্ষম মহাকাশ পৰিৱেশ নিশ্চিত কৰাৰ লগতে মহাকাশৰ ধ্বংসাৱশেষৰ সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।
বেংগালুৰুত থকা ষ্টাৰ্ট-আপটোৰ মুখ্য কাৰ্যালয়ত পিক্সেলৰ সহ-প্ৰতিষ্ঠাপক তথা চিটিঅ’ ক্ষিটিজ খাণ্ডেলৱালে কয় যে ফায়াৰফ্লাইৰ অত্যাধুনিক ৰিজ’লিউচনৰ সহায়ত ইহঁতে ৰাসায়নিক গঠন, গছ-গছনিৰ স্বাস্থ্য, পানীৰ গুণাগুণ, আনকি বায়ুমণ্ডলৰ পৰিস্থিতিৰ সূক্ষ্ম পৰিৱৰ্তনো অতুলনীয় সঠিকতাৰে ধৰা পেলাব পাৰে । ইতিমধ্যে পিক্সেলে আমেৰিকাৰ নেশ্যনেল ৰিকনেছান্স অৰ্গেনাইজেশ্যন, ৰিঅ’ টিণ্টো, ব্ৰিটিছ পেট্ৰলিয়াম আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ দৰে কোম্পানীকে ধৰি ৬০ জনতকৈ অধিক গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন কৰিছে, যিয়ে ইয়াৰ উপগ্ৰহৰ পৰা হাইপাৰ-স্পেকট্ৰল তথ্য লাভ কৰি আছে ।