বুধবাৰে মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন নতুন যুদ্ধ জাহাজ- আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশীৰ দেশৰ বাবে উৎসৰ্গা কৰিব । এই তিনিখন যুদ্ধজাহাজ ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন আৰু সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত বিশ্ব নেতা হোৱাৰ আগশাৰীৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, কাইলৈ ১৫ জানুৱাৰী আমাৰ নৌসেনাৰ সামৰ্থ্যৰ বাবে এক বিশেষ দিন হ’বলৈ গৈ আছে । তিনিখন ফ্ৰণ্টলাইন নৌসেনাৰ যুদ্ধ জাহাজৰ প্ৰৱেশে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতা হোৱাৰ আমাৰ প্ৰচেষ্টাক জোৰ দিব আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত আমাৰ অভিযানক শক্তিশালী কৰিব ।
Tomorrow, 15th January, is going to be a special day as far as our naval capacities are concerned. The commissioning of three frontline naval combatants will strengthen our efforts towards being a global leader in defence and augment our quest towards self-reliance. https://t.co/zhrVjbgA2T
— Narendra Modi (@narendramodi) January 14, 2025
আই এন এছ চুৰাট বিশ্বৰ অন্যতম বিধ্বংসী জাহাজ-
আই এন এছ চুৰাট হৈছে প্ৰজেক্ট ১৫বি ক্লাছৰ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰৰ চতুৰ্থ আৰু শেষ জাহাজ । ই বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু অত্যাধুনিক বিধ্বংসী যুদ্ধ জাহাজৰ ভিতৰত অন্যতম । ইয়াত ৭৫ শতাংশ থলুৱা প্ৰযুক্তি আছে আৰু ইয়াত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, চেন্সৰ পেকেজ আৰু উন্নত নেটৱৰ্ককেন্দ্ৰিক ক্ষমতা আছে ।
আই এন এছ নীলগিৰি বহু সময় সাগৰত থাকিব পাৰে-
আই এন এছ নীলগিৰি হৈছে ১৭এ ষ্টীলথ ফ্ৰিগেট প্ৰকল্পৰ প্ৰথমখন জাহাজ । ইয়াৰ ডিজাইন ভাৰতীয় নৌসেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰোৱে কৰিছে । ইয়াক বৰ্ধিত সামৰ্থ্য, দীঘলীয়া সাগৰীয় যোগ্যতা আৰু উন্নত ষ্টীলথযুক্ত বৈশিষ্ট্যৰ সৈতে নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে । ই পৰৱৰ্তী প্ৰজন্মৰ থলুৱা ফ্ৰিগেটক প্ৰতিনিধিত্ব কৰে ।
ফৰাচী নৌসেনাৰ সহযোগত নিৰ্মাণ বাঘশীৰ-
আই এন এছ বাঘশীৰ হৈছে পি ৭৫ স্ক’ৰপিঅন প্ৰকল্পৰ ষষ্ঠ আৰু শেষ চাবমেৰিন । আই এন এছ বাঘশীৰে ভাৰতৰ ছাবমেৰিন নিৰ্মাণৰ ক্ৰমবৰ্ধমান বিশেষজ্ঞতাক প্ৰতিনিধিত্ব কৰে । ফ্ৰান্সৰ নৌসেনা গোটৰ সহযোগত ইয়াক নিৰ্মাণ কৰা হৈছে ।