সমস্যা বাঢ়িব পাৰে ফেচবুকৰ প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ । সংসদীয় কমিটীয়ে ফেচবুকৰ মূল কোম্পানী মেটাক চমন কৰিব । এই তথ্য তথ্য আৰু যোগাযোগ বিষয়ৰ সংসদীয় সমিতিৰ অধ্যক্ষ নিশিকান্ত ডুবেই নিজৰ পোষ্টত দিছে । এই বিষয়ে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছে ।
তেওঁ লিখিছে, ‘মোৰ কমিটীয়ে এই ভুল তথ্যৰ বাবে মেটাক চমন কৰিব । যিকোনো গণতান্ত্ৰিক দেশৰ ভুল তথ্যই দেশৰ ভাবমূৰ্তি বিনষ্ট কৰে । এই ভুলৰ বাবে সেই সংস্থাই ভাৰতীয় সংসদ আৰু ইয়াৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব ।
मेरी कमिटि इस ग़लत जानकारी के लिए @Meta को बुलाएगी । किसी भी लोकतांत्रिक देश की ग़लत जानकारी देश की छवि को धूमिल करती है । इस गलती के लिए भारतीय संसद से तथा यहाँ की जनता से उस संस्था को माफ़ी माँगनी पड़ेगी https://t.co/HulRl1LF4z
— Dr Nishikant Dubey (@nishikant_dubey) January 14, 2025
মাৰ্কক সমালোচনা কৰা হৈছে-
এই বিষয়ত আই টি আৰু যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে মাৰ্ক জুকাৰবাৰ্গক প্ৰত্যুত্তৰ দিছিল । তেওঁ এক্সত পোষ্ট কৰি লিখিছে যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল য’ত ৬৪ কোটি লোকে অংশগ্ৰহণ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰৰ ওপৰত ভাৰতবাসীয়ে আস্থা প্ৰকাশ কৰে ।
তেওঁ লিখিছে, ‘মাৰ্ক জুকাৰবাৰ্গৰ দাবী যে ভাৰতকে ধৰি বিশ্বৰ অধিকাংশ শাসকীয় চৰকাৰে Covid ৰ পিছত অনুষ্ঠিত নিৰ্বাচনত পৰাস্ত হৈছে ।‘ আচলতে মাৰ্ক জুকাৰবাৰ্গে এটা প’ডকাষ্টত কৈছিল যে Covid ৰ পিছত ভাৰতকে ধৰি ২০২৪ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিশ্বৰ বহু চৰকাৰে পৰাস্ত হৈছে ।
মাৰ্ক জুকাৰবাৰ্গে কি ক’লে ?
মাৰ্কে এই কথা কয় জো ৰগানৰ প’ডকাষ্টত । তেওঁ কয় যে চৰকাৰসমূহৰ এই পৰাজয়ে দেখুৱাইছে যে Covid মহামাৰীৰ পিছত মানুহৰ আস্থা কমিছে । লগতে তেওঁ কয় যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, মহামাৰীৰ সৈতে জড়িত অৰ্থনৈতিক নীতি আৰু চৰকাৰে ক’ভিড-১৯ক যেনেদৰে চম্ভালিলে তাৰ বাবে মানুহৰ আস্থা হ্ৰাস পাইছে ।
কিন্তু ভাৰতৰ প্ৰেক্ষাপটত তেওঁৰ এই দাবী ভুল, যাৰ বাবে তেওঁক অহৰহ সমালোচনা কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এক্সত পোষ্ট দিওঁতে মেটাক টেগ কৰে । তেওঁ লিখিছে যে মাৰ্ক জুকাৰবাৰ্গে নিজেই ভুল তথ্য দিয়াটো অতি দুৰ্ভাগ্যজনক । একে সময়তে এই বিষয়ত মেটাক চমনৰ কথাও কৈছে নিশিকান্ত ডুবেই ।