লছ এঞ্জেলছৰ জুইয়ে সমগ্ৰ আমেৰিকাক জোকাৰি গৈছে। প্ৰায় ৫ দিন ধৰি জ্বলি থকা জুই বাঢ়ি গৈ আছে। এই জুয়ে এতিয়া দক্ষিণ কেলিফৰ্ণিয়াকো আগুৰি ধৰিছে। পালিচাডেচ অৰণ্যৰ পৰা জুই পূবলৈ দ্ৰুতগতিত আগবাঢ়িছে।
গোটেই চহৰখন লংকাৰ দৰে অসহায়ভাৱে জ্বলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা জুই নুমুৱাবলৈ কৰা প্ৰতিটো প্ৰচেষ্টা এতিয়ালৈকে অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা এতিয়া ১৬ লৈ বৃদ্ধি পাইছে।
আমেৰিকাই বনজুই নিৰ্বাপিত কৰিবৰ বাবে বিমানৰ জৰিয়তে পানী ছটিওৱা হৈছে। এই জুই কঢ়িয়াই অনাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে লছ এঞ্জেলছত প্ৰতি ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগত বলা বতাহে। তীব্ৰ বতাহৰ বাবে পৰিস্থিতি অধিক বেয়া হোৱাৰ আশংকা বৃদ্ধি কৰিছে।
যোৱা ২৪ ঘণ্টাত, পালিচাডেছৰ জুইত প্ৰায় ১,০০০ একৰ মাটি জ্বলি জ্বলি শেষ হৈছে। হাজাৰ হাজাৰ ঘৰ জ্বলি গৈছিল।
লছ এঞ্জেলছ কাউণ্টি চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে জনোৱা অনুসৰি মঙলবাৰৰ পৰা লছ এঞ্জেলছ কাউণ্টি চুবুৰীয়া অঞ্চলত কমেও ১৬ জন লোকৰ মৃত্যু হৈছিল।
অগ্নি নিৰ্বাপক বিষয়াসকলে কৈছিল যে জুইৰ ফলত ১২,০০০ অট্টালিকা ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছিল।কমেও ১৩ জন লোক সন্ধানহীন বুলি ধাৰণা কৰা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
কেল ফায়াৰৰ বিষয়া টড হপকিন্সে এখন সংবাদ সন্মিলনত কৈছিল যে পালিচাডেছৰ দাবানলৰ ১১% এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে, কিন্তু ২২,০০০ একৰতকৈও অধিক জ্বলি শেষ গৈছে।
হপকিন্সে ৰাইজক সতৰ্ক কৰি দিছিল যে জুই যি বিপদজনক গতিত আগবাঢ়ি ছে, এনে লাগে যে পালিচাডেছৰ জুই মেণ্ডেভিল কেনিয়ন চুবুৰীয়াঅঞ্চললৈ বিয়পিব পাৰে আৰু এতিয়া ব্ৰেণ্টউড আৰু ফাৰ্নাণ্ডো উপত্যকাত উপস্থিত হ’ব পাৰে, য’ত চেলিব্ৰেটী আৰু তেওঁলোকৰ খেলপথাৰ আছে।