অসমক লৈ অপমানজনক মন্তব্য কৰা অভিষেক কৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি ক্ষমা বিচাৰিছে । এটা প’ডকাষ্টৰ সময়ত অভিষেক কৰে অসমৰ তান্ত্ৰিক ৰীতি-নীতিৰ বিষয়ে কিছু অপমানজনক কথা কৈছিল, যাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছিল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিষেক কৰক বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ পিছতে অভিষেক কৰে তেওঁৰ মন্তব্যৰ বাবে সামাজিক মাধ্যমযোগে ক্ষমা বিচাৰিছে ।
বিষয়টো কি-
শেহতীয়াকৈ অভিষেক কৰে এটা প’ডকাষ্টত অংশ লৈছিল । সেই প’ডকাষ্টত অভিষেক কৰে দাবী কৰিছিল যে অসমত তান্ত্ৰিক কাৰ্যকলাপ চলি আছে । অভিষেক কৰৰ মন্তব্যৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । বিতৰ্কৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েও এই বিষয়ে পোষ্ট কৰি অভিষেক কৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কয় । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী কাৰ্যালয়ে লিখিছে যে ‘ৰিয়া উপৰেতি নামৰ এটা ইউটিউব চেনেলৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে, য’ত অভিষেক কৰ নামৰ এজন ব্যক্তিয়ে অসমৰ ইতিহাস আৰু ইয়াৰ পৰম্পৰাক লৈ অগ্ৰাহ্যযোগ্য মন্তব্য কৰা দেখা গৈছে ৷ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত ।‘
এই বিতৰ্কৰ বাবে ক্ষমা বিচাৰিলে অভিষেকে-
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এই পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, ‘লক্ষ্য কৰা হৈছে ছাৰ, আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’ ইয়াৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে অভিষেক কৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে, য’ত তেওঁ নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে । অভিষেকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু ডি জি পিৰ ওচৰত ক্ষমা বিচাৰি কয় যে তেওঁৰ এই মন্তব্যত যিসকল লোকৰ আৱেগ আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছে । অভিষেকে কয় যে কাকো আঘাত কৰা তেওঁৰ উদ্দেশ্য নাছিল আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহয় ।

কোনটো মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰে-
অভিষেক কাৰে দাবী কৰিছিল যে অসমৰ মৰিগাঁও জিলাৰ মায়ঙৰ মহিলাসকলৰ ইমান শক্তি আছে যে তেওঁলোকে এজন মানুহক ছাগলী বা আন যিকোনো প্ৰাণীলৈ ৰূপান্তৰিত কৰিব পাৰে । অভিষেক কয় যে তেওঁলোকে তান্ত্ৰিক শক্তিৰ সহায়ত এই কাম কৰে । মন কৰিবলগীয়া যে অভিষেক কৰ এজন ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ আৰু তেওঁ আৰ্থিক বিষয়ত ভিডিঅ’ নিৰ্মাণ কৰে । অভিষেকৰ ইউটিউবত প্ৰায় ২০ লাখ আৰু ইনষ্টাগ্ৰামত প্ৰায় ৩০ লাখ ফ’ল’ৱাৰ আছে ।









