শোকাৱহ; ভাড়াঘৰত আত্মহত্যা কনিষ্টবল পৃথিৱী পাণ্ডৱৰ

ৰাজ্যিক হেণ্ডবল খেলুৱৈ তথা সোণাৰী থানাত কৰ্মৰত অসম আৰক্ষীৰ কনিষ্টবলে চৰম সিদ্ধান্ত লোৱা কাৰ্যত স্তম্ভিত ডিমৌবাসী ৰাইজ। সোণাৰী থানাত কনিষ্টবল হিচাপে কৰ্মৰত ডিমৌ আঠাবাৰীস্থিত পৃথিৱী পাণ্ডৱৰ অকাল মৃত্যুত ডিমৌৰ স্ব-গৃহত শোকাকূল পৰিৱেশ। উল্লেখ্য যে, শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত সোণাৰীৰ এটা ভাড়াঘৰত আত্মহত্যা কৰে

ৰাজ্যিক হেণ্ডবল খেলুৱৈ তথা সোণাৰী থানাত কৰ্মৰত অসম আৰক্ষীৰ কনিষ্টবলে চৰম সিদ্ধান্ত লোৱা কাৰ্যত স্তম্ভিত ডিমৌবাসী ৰাইজ।

সোণাৰী থানাত কনিষ্টবল হিচাপে কৰ্মৰত ডিমৌ আঠাবাৰীস্থিত পৃথিৱী পাণ্ডৱৰ অকাল মৃত্যুত ডিমৌৰ স্ব-গৃহত শোকাকূল পৰিৱেশ।

উল্লেখ্য যে, শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত সোণাৰীৰ এটা ভাড়াঘৰত আত্মহত্যা কৰে ডিমৌৰ কনিষ্টবল পৃথিৱী পাণ্ডৱে।

২০১৬ চনত অসম আৰক্ষীত যোগ দি বৰ্তমান সোণাৰী থানাত কনিষ্টবল ৰূপে কৰ্মৰত হৈ আছিল পৃথিৱী পাণ্ডৱ।পৃথিৱী পাণ্ডৱৰ বয়স ২৬ বছৰ।

ঘটনাৰ পিছতে পৃথিৱী পাণ্ডৱৰ ডিমৌ আঠাবাৰীস্থিত বাসগৃহত এতিয়া শোকাকূল পৰিবেশ বিৰাজ কৰিছে।কি পৰিস্থিতিত আৰক্ষীত কৰ্মৰত পৃথিৱীয়ে এই চৰম সিদ্ধান্ত ললে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।পুত্ৰৰ অকাল বিয়োগত ডিমৌ আঠাবাৰীৰ পিতৃ গৃহত কান্দোনৰ ৰোল।

শেহতীয়া প্ৰৱন্ধসমূহ