‘ভাৰত সম্পূৰ্ণৰূপে প্ৰস্তুত’...চীনত hMPVৰ ক্ৰমবৰ্ধমান আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ প্ৰতিক্ৰিয়া,গাইডলাইন জাৰি

‘ভাৰত সম্পূৰ্ণৰূপে প্ৰস্তুত’…চীনত hMPVৰ ক্ৰমবৰ্ধমান আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ প্ৰতিক্ৰিয়া,গাইডলাইন জাৰি

চীনত হিউমেন মেটাপনিউমোভাইৰাছ (hMPV)ৰ দ্রুত সংক্রমণে কৰ’না ভাইৰাছৰ দৰে মহামাৰীলৈ পৰিণত হ’ব পাৰে বুলি আশংকা সৃষ্টি কৰিছে ৷ ভাৰততো এই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । শেহতীয়া পৰিঘটনাত চৰকাৰে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত সম্পূৰ্ণ প্ৰস্তুত বুলি কৈছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই

চীনত হিউমেন মেটাপনিউমোভাইৰাছ (hMPV)ৰ দ্রুত সংক্রমণে কৰ’না ভাইৰাছৰ দৰে মহামাৰীলৈ পৰিণত হ’ব পাৰে বুলি আশংকা সৃষ্টি কৰিছে ৷ ভাৰততো এই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । শেহতীয়া পৰিঘটনাত চৰকাৰে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত সম্পূৰ্ণ প্ৰস্তুত বুলি কৈছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছে । একে সময়তে তেলেংগানা চৰকাৰে গাইডলাইন জাৰি কৰিছে । অৱশ্যে এই পৰ্যন্ত ৰাজ্যখনত কোনো এই ভাইৰাছত আক্ৰান্ত হোৱা নাই ।

তেলেংগানা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে চীনৰ পৰা অহা হিউমেন মেটাপনিউমোভাইৰাছ (hMPV)ৰ প্ৰতিবেদন ৰাজ্যখনত তীক্ষ্ণ দৃষ্টিৰে চোৱা-চিতা কৰা হৈছে আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সহযোগত পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে । উৰাবাতৰি পৰিহাৰ কৰি সাৱধানতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে ।

তেলেংগানাত hMPVৰ কোনো ৰোগীৰ ৰিপৰ্ট পোৱা হোৱা নাই-

তেলেংগানা স্বাস্থ্য বিভাগে ৰাজ্যখনত শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ তথ্য বিশ্লেষণ কৰিছিল আৰু দেখিছিল যে ডিচেম্বৰ ২০২৪ ৰ তুলনাত ২০২৩ চনৰ ডিচেম্বৰত সংক্ৰমণৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বৃদ্ধি হোৱা নাই ।

সতৰ্কতামূলক নিৰ্দেশনা-

স্বাস্থ্য বিভাগে নাগৰিকসকলক তলত উল্লেখ কৰা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ প্ৰতিৰোধৰ বাবে নিৰ্দেশনা জাৰি কৰিছে-

কি কৰিব লাগে :

-কাহ বা হাঁচিৰ সময়ত মুখ আৰু নাক ৰুমাল বা টিছুৰে ঢাকি ৰাখক ।

-সঘনাই চাবোন আৰু পানীৰে হাত ধুব লাগে বা এলক’হল ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে ।

-ভিৰ কৰা ঠাই পৰিহাৰ কৰক আৰু ফ্লুৰ দ্বাৰা আক্ৰান্ত লোকৰ পৰা দূৰত্ব বজাই ৰাখক ।

-জ্বৰ, কাহ বা হাঁচি হ’লে ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক ।

-প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে ।

-সকলো ঠাইতে পৰ্যাপ্ত পৰিমাণৰ বায়ু চলাচল নিশ্চিত কৰক ।

-অসুস্থ হ’লে ঘৰতে থাকক আৰু আনৰ সৈতে যোগাযোগ সীমিত কৰক ।

-পৰ্যাপ্ত টোপনি লওক ।

কি নকৰিব-

-হাত মিলোৱাৰ পৰা বিৰত থাকক ।

-টিছু পেপাৰ বা ৰুমাল বাৰে বাৰে ব্যৱহাৰ নকৰিব ।

-ৰোগীৰ সংস্পৰ্শলৈ নাহিব ।

-চকু, নাক আৰু মুখ সঘনাই স্পৰ্শ কৰাৰ পৰা বিৰত থাকক ।

-ৰাজহুৱা স্থানত থু পেলোৱাৰ পৰা বিৰত থাকক ।

-চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ গ্ৰহণ নকৰিব ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে কি ক’লে ?

চীনত এইচ এম পি ভি (হিউমেন মেটানিউমোভাইৰাছ)ৰ সন্দেহজনক প্ৰাদুৰ্ভাৱক লৈ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মানুহক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু আশ্বাস দিছে যে ভাৰতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে প্ৰস্তুত আৰু চীনৰ পৰিস্থিতি অস্বাভাৱিক নহয় ।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ডি জি এইচ এছ আৰু নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এন চি ডি চি)ৰ সঞ্চালকে এই বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোত কোৱা হৈছে যে মেটাপনিউমোভাইৰাছ (hMPV) হৈছে এক সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ ভাইৰাছ যিয়ে শীতকালত চৰ্দি আৰু ফ্লুৰ দৰে লক্ষণৰ সৃষ্টি কৰে । বিশেষকৈ সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ এই ৰোগ হয় ।

স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেলে কয় যে আতংকিত হ’বলগীয়া একো নাই । মেটাপনিউমোভাইৰাছ আন যিকোনো শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ দৰে যিয়ে সাধাৰণ চৰ্দিৰ সৃষ্টি কৰে; ইয়াৰ ফলত অতি বয়সীয়াল আৰু যুৱক-যুৱতীসকলৰ ফ্লুৰ দৰে লক্ষণ দেখা দিব পাৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ