কোৱাড গঠন হোৱাৰ ২০ বছৰ পাৰ হৈ গ’ল । এই উপলক্ষে সকলো সদস্য দেশে এক যৌথ বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোত কোৱাডে দুৰ্যোগ সাহায্য সহযোগিতাৰ পৰা কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত হৈছে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰক মুক্ত, সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ কৰি ৰখাৰ লক্ষ্য লৈছে বুলি কোৱা হৈছে । আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰীসকলে কোৱাডৰ ২০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত এই যৌথ বিবৃতি প্ৰকাশ কৰে ।
২০০৪ চনত গঠন হৈছিল কোৱাড-
এই যৌথ বিবৃতিত কোৱা হৈছে যে ‘২০ বছৰ আগতে যেতিয়া ভাৰত মহাসাগৰত ভূমিকম্প আৰু ছুনামী হৈছিল, তেতিয়া অঞ্চলটোৰ জনসাধাৰণক সহায় কৰিবলৈ কোৱাড গঠন কৰা হৈছিল । বিশ্ব ইতিহাসৰ অন্যতম বৃহৎ দুৰ্যোগ, য’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১৪খন দেশত প্ৰায় ২.৫ লাখ লোকে প্ৰাণ হেৰুৱাইছিল আৰু ১৭ লাখ লোকে স্থানচ্যুত হৈছিল । কোৱাডৰ সদস্য দেশসমূহে একেলগে এই দেশসমূহক সহায় কৰিছিল ।
দুৰ্যোগ ব্যৱস্থাপনাৰ লগতে এই প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত কোৱাড দেশসমূহে একেলগে সহযোগিতা আগবঢ়াব-
বিবৃতি অনুসৰি কোৱাডৰ সদস্য দেশসমূহে দুৰ্যোগ ব্যৱস্থাপনা আৰু মানৱীয় সাহায্যৰ দিশত শক্তিশালী হৈ থাকিব আৰু একেলগে কাম কৰি যাব । ২০২৪ চনত কোৱাডৰ চাৰিখন সদস্য দেশে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক দুৰ্যোগ ব্যৱস্থাপনাত সহায় কৰাৰ লগতে দুৰ্যোগৰ ক্ষেত্ৰত তাৎক্ষণিক সহায়ৰ নতুন উপায় চিনাক্ত কৰিব । যোৱা ২০ বছৰত কোৱাড দুৰ্যোগ ব্যৱস্থাপনা সহযোগিতাৰ পৰা কৌশলগত অংশীদাৰিত্বলৈ বিকশিত হৈছে । ভাৰত-প্ৰশান্ত মহাসাগৰৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে একেলগে কাম কৰিব কোৱাডে । ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন, কৰ্কট ৰোগ, দুৰ্যোগ প্ৰতিৰোধৰ বাবে উন্নত আন্তঃগাঁথনিৰ উন্নয়ন, সামুদ্ৰিক চোৱাচিতা, STEM শিক্ষা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, জটিল প্ৰযুক্তি আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা থাকিব ।