অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাবে নিৰ্বাচিত হৈছে সাহিত্যিক, গৱেষক ড০ বসন্ত কুমাৰ গোস্বামী । মুঠ ৪০৪ টা ভোট লাভ কৰি এই পদৰ বাবে নিৰ্বাচিত হয় তেওঁ । অসম সাহিত্য সভাৰ আগন্তুক পাঠশালা অধিৱেশনত সভাপতিত্ব কৰিব ড০ গোস্বামীয়ে । ইফালে সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী ড০ উপেন ৰাভা হাকাচামে লাভ কৰে ৩০৯ টা ভোট । তদুপৰি উপ-সভাপতি পদত জয়লাভ কৰিছে পদুম ৰাজখোৱাই । মুঠ ৩৮৫ টা ভোট লাভ কৰে তেওঁ । পূৰ্বে প্ৰধান সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰাজখোৱাই । আনহাতে প্ৰধান সম্পাদক পদত জয়লাভ কৰিছে দেৱজিত বৰাই ।
উল্লেখ্য যে, দেওবাৰে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে ভোটগণনা অনুষ্ঠিত হৈছিল । সভাৰ সভাপতি, উপ-সভাপতি প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামে । উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পদুম ৰাজখোৱা, চহিৰ ভূঞা আৰু ডাঃ বিপিন চন্দ্ৰ কলিতাই । প্ৰধান সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দেৱজিত বৰা, সঞ্জীৱ কুমাৰ শৰ্মা আৰু অজিত প্ৰসাদ শৰ্মাই ।