উকা হৈ পৰিল দেশৰ ৰাজনীতি আৰু অৰ্থনীতি ক্ষেত্ৰখনৰ এটা স্থান ; খহি পৰিল এটি উজ্জ্বল নক্ষত্ৰ

বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান হয়। ৯২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমছত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বৰ্তমান তেওঁৰ নশ্বৰ দেহ দিল্লীৰ মতিলাল নেহৰু ৰ’ডত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে।তেওঁৰ পাৰ্থিৱ শৰীৰটো অন্তিম দৰ্শনৰ বাবে তেওঁৰ বাসগৃহতে ৰখা হ’ব য’ত বিশেষ লোকৰ লগতে

বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান হয়। ৯২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমছত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বৰ্তমান তেওঁৰ নশ্বৰ দেহ দিল্লীৰ মতিলাল নেহৰু ৰ’ডত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে।তেওঁৰ পাৰ্থিৱ শৰীৰটো অন্তিম দৰ্শনৰ বাবে তেওঁৰ বাসগৃহতে ৰখা হ’ব য’ত বিশেষ লোকৰ লগতে সাধাৰণ মানুহেও তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে অনুষ্ঠিত হ’ব। আজি কংগ্ৰেছত এটা আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

তেওঁক সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুত সাত দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে হ’ব। জানিব পৰা মতে আমেৰিকাত বাস কৰা তেওঁৰ জীয়ৰী আজি সন্ধিয়াৰ ভিতৰত দিল্লী পাব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।তেওঁ এটা পোষ্ট দি কৈছে যে “ড০ মনমোহন সিঙৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছো। আমেৰিকা আৰু ভাৰতক একত্ৰিত কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণ সদায় স্মৰণীয় হৈ থাকিব”।

হোৱাইট হাউছে এক বিবৃতিত কয়”প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন। আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত কৌশলগত অংশীদাৰিত্বৰ অন্যতম বৃহৎ প্ৰবক্তা আছিল মনমোহন সিং।

তেওঁৰ কামে যোৱা দুটা দশকত আমাৰ ৰাষ্ট্ৰসমূহে একেলগে অৰ্জন কৰা বহুতো সাফল্যৰ ভেটি স্থাপন কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত অসামৰিক পাৰমাণৱিক সহযোগিতা চুক্তি আগবঢ়োৱাত তেওঁৰ নেতৃত্বই আমেৰিকা-ভাৰত সম্পৰ্কৰ সম্ভাৱনাত এক বৃহৎ বিনিয়োগৰ সংকেত দিয়ে”।  

ভাৰতত, প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত বিশেষ ৰাজ্যিক প্ৰটোকল অনুসৰণ কৰা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে দেশলৈ তেওঁলোকৰ অৱদান আৰু পদটোৰ মৰ্যাদাক সন্মান জনোৱা।

চৰকাৰে আজি দিনটোৰ বাবে পৰিকল্পনা কৰা সকলো কাৰ্যসূচী বাতিল কৰিছে। কংগ্ৰেছে বেলাগাভিত চিডব্লিউচিৰ বিশেষ বৈঠক বাতিল কৰিছে আৰু সকলো নেতা দিল্লীত উপস্থিত হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিটো কৰ্মৰাজিক লৈ স্মৰণ দেশবাসীৰ। দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে ধৰি সকলোৱে জনাইছে শেষ শ্ৰদ্ধা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এগৰাকী অভিভাৱক আৰু দিশ নিৰ্দেশকক হেৰুৱাই মৰ্মাহত গান্ধী পৰিয়াল।