আজি ৬ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ২৯ ডিচেম্বৰলৈকে চলিব তেওঁৰ এই ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত তেওঁ দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । এই সময়ছোৱাত তেওঁ ভাৰতৰ কনছুল জেনেৰেলৰ সন্মিলনৰ অধ্যক্ষতাও কৰিব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বৈদেশিক মন্ত্ৰীজনে তেওঁৰ সমকক্ষসকলক সাক্ষাৎ কৰি মূল দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । ইয়াৰ পূৰ্বে ১৯ ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে আমেৰিকা-ভাৰত অংশীদাৰিত্বৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছিল । তেওঁ কৈছিল যে শুল্ক হ্ৰাস কৰা আৰু বাণিজ্য বৃদ্ধি কৰাটো প্ৰয়োজনীয়, যাতে ই অধিক ন্যায্য আৰু সমান হ’ব পাৰে ।
ভাৰতৰ কৰ্মশক্তিৰ প্ৰশংসা গাৰ্চেট্টিয়েৰ-
বৃহস্পতিবাৰে আমেৰিকা-ইণ্ডিয়া বিজনেছ কাউন্সিলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত গাৰ্চেট্টিয়ে ভাৰতৰ কৰ্মশক্তিক “মানৱতাৰ হাতত থকা আটাইতকৈ অসাধাৰণ সম্পদ” বুলি অভিহিত কৰে । তেওঁ কয় যে আমি আমাৰ ট্ৰেডমাৰ্ক আৰু বৌদ্ধিক সম্পত্তি সুৰক্ষিত কৰি একেলগে কাম কৰা উচিত । তেওঁ লগতে কয় যে আমি পৰিবহণ আৰু আন্তঃগাঁথনি স্থাপন কৰাটো নিশ্চিত কৰিব লাগিব যাতে ভাৰতে অধিক ক্ষীপ্ৰতাৰে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে । তেওঁ কয় যে এইটো আমেৰিকা আৰু ভাৰতীয় স্বাৰ্থত ।