শীতকালৰ নিশা মোজা পিন্ধি শোৱাটো উচিত নে ভুল ?  ইয়াৰ সুবিধা আৰু অসুবিধাসমূহৰ বিষয়ে জানক

শীতকালত ঠাণ্ডা ৰাতিবোৰে টোপনিত ব্যাঘাত জন্মোৱাই নহয় শৰীৰৰ উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰাটোও প্ৰত্যাহ্বানজনক কৰি তোলে । এনে পৰিস্থিতিত বহুতে শুই থকা অৱস্থাত মোজা পিন্ধাৰ আশ্ৰয় লয় । যদিও এই অভ্যাসৰ কিছু সুবিধা বা উপকাৰীতা আছে তথাপি ইয়াৰ কিছু অসুবিধা বা অপকাৰো আছে । মোজা পিন্ধি

শীতকালত ঠাণ্ডা ৰাতিবোৰে টোপনিত ব্যাঘাত জন্মোৱাই নহয় শৰীৰৰ উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰাটোও প্ৰত্যাহ্বানজনক কৰি তোলে । এনে পৰিস্থিতিত বহুতে শুই থকা অৱস্থাত মোজা পিন্ধাৰ আশ্ৰয় লয় । যদিও এই অভ্যাসৰ কিছু সুবিধা বা উপকাৰীতা আছে তথাপি ইয়াৰ কিছু অসুবিধা বা অপকাৰো আছে ।

মোজা পিন্ধি শোৱাৰ সুবিধা-

শৰীৰৰ উষ্ণতা বজাই ৰাখে-

শীতকালত মোজা পিন্ধিলে শৰীৰৰ উষ্ণতা সুস্থিৰ হৈ থাকে, যাৰ বাবে হাত-ভৰি ঠাণ্ডা নহয় আৰু টোপনি ভাল হয় ।

ভাল টোপনি-

মোজা পিন্ধিলে ভৰিৰ উষ্ণতা স্থিৰ হৈ থাকে, যাৰ ফলত মগজুক টোপনিৰ সময় আহি পৰিছে বুলি সংকেত দিয়ে । ই শৰীৰক শিথিলতা আৰু সোনকালে টোপনি অহাত সহায় কৰে ।

মোজা পিন্ধি শোৱাৰ অসুবিধা-

ছালৰ সংক্ৰমণৰ আশংকা-

লেতেৰা বা টান মোজা পিন্ধি শুলে ছালত ঘাম জমা হোৱাৰ বাবে সংক্ৰমণ আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে ।

তেজৰ সোঁতত বাধা

বেছি টান মোজা পিন্ধিলে তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়, যাৰ ফলত ভৰিৰ জিনজিননি হব পাৰে ।

জ্বলা-পোৰা বা খজুৱতি

যদি মোজা কৃত্ৰিম কাপোৰেৰে তৈয়াৰ কৰা হয় তেন্তে ইয়াৰ ফলত ছালৰ জ্বলা-পোৰা আৰু খজুৱতি হ’ব পাৰে ।

বিশেষজ্ঞৰ মতামত-

ছালৰ বিশেষজ্ঞসকলে কয় যে মোজা পিন্ধিলে কোনো ক্ষতি নহয়, যদিহে আপুনি সঠিক কাপোৰৰ মোজা আৰু সঠিক ফিটিং পিন্ধে । মোজা কপাহ বা উলৰ পৰা তৈয়াৰ কৰিব লাগে । শুবলৈ যোৱাৰ পূৰ্বে ভৰি দুখন পৰিষ্কাৰ আৰু শুকান কৰি ৰখাটো অতি প্ৰয়োজনীয় ।

শেহতীয়া প্ৰৱন্ধসমূহ