২০২৪ঃ হৃদয় ভাঙিছিল মল্লযুঁজাৰু বিনেশ ফোগাটৰ…পেৰিছ অলিম্পিকত পদক হেৰুওৱাৰ পাছত সৃষ্টি হৈছিল বহু বিতৰ্কৰ

চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিক বহু বিতৰ্কৰ সাক্ষী হৈছিল । প্ৰকৃততে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল আৰু পদক নিশ্চিত কৰিছিল যদিও চূড়ান্ত যুঁজৰ পূৰ্বে তেওঁৰ ওজন অতিৰিক্ত বুলি ধৰা পৰিছিল আৰু অযোগ্য ঘোষণা কৰা হৈছিল ।

চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিক বহু বিতৰ্কৰ সাক্ষী হৈছিল । প্ৰকৃততে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল আৰু পদক নিশ্চিত কৰিছিল যদিও চূড়ান্ত যুঁজৰ পূৰ্বে তেওঁৰ ওজন অতিৰিক্ত বুলি ধৰা পৰিছিল আৰু অযোগ্য ঘোষণা কৰা হৈছিল । যাৰ বাবে তেওঁ পদক লাভৰ পৰা বঞ্চিত হয় । এই ঘটনাৰ পিছতে সমগ্ৰ দেশ স্তম্ভিত হৈ পৰে কাৰণ বিনেশে প্ৰথমটো স্বৰ্ণ পদক লাভ কৰাৰ সকলোৰে আশা মুহুৰ্ততে ছিন্নভিন্ন হৈ পৰিছিল ।

বিনেশে ছেমি ফাইনেলত কিউবাৰ লোপেজ গুজমানক ৫-০ ব্যৱধানত পৰাস্ত কৰি অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছিল । ফাইনেলত আমেৰিকাৰ ছাৰা এন হিল্ডেব্ৰেণ্ডৰ বিৰুদ্ধে বিনেশে মুখামুখি হ’বলগীয়া আছিল যদিও তেওঁৰ ওজন অতিৰিক্ত বুলি ধৰা পৰাত তেওঁৰ পদক লাভৰ সপোন ছিন্নভিন্ন হৈ পৰে । এই সিদ্ধান্তৰ বিৰুদ্ধে বিনেশে ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালতত আবেদন জনাইছিল যদিও তেওঁৰ আবেদন নাকচ কৰা হয় ।

ঘটনাতো কি আছিল ?

চূড়ান্ত বাউটৰ পূৰ্বে পুৱা ওজনৰ সময়ত বিনেশৰ ওজন নিৰ্ধাৰিত সীমাতকৈ ১০০ গ্ৰাম বেছি হোৱা দেখা গৈছিল । এই সিদ্ধান্তৰ বিৰুদ্ধে ট্ৰিবিউনেল ফৰ স্প’ৰ্টছত আবেদন জনাই মল্লযুঁজাৰুগৰাকীয়ে কিউবাৰ মল্লযুঁজাৰু ইউছনেলিছ গুজমান লোপেজৰ সৈতে যৌথভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ দাবী জনায় । ছেমি ফাইনেলত বিনেশৰ হাতত পৰাস্ত হোৱা লোপেজে পিছলৈ ভাৰতীয় মল্লযুঁজাৰুগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত ফাইনেলত প্ৰৱেশ কৰে । কিন্তু ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালত বিনেশৰ এই দাবীত একমত নহ’ল ।

মল্লযুঁজৰ পৰা অৱসৰ-

এই বিতৰ্কৰ প্ৰভাৱ এনেকুৱা আছিল যে মল্লযুঁজাৰু বিনেশ ফোগাটে অৱসৰৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল । ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্টৰ জৰিয়তে তেওঁ এই কথা ঘোষণা কৰে । অলিম্পিকৰ বাবে নিজৰ পছন্দৰ ওজনৰ শাখাত স্থান বিচাৰি নাপাই বিনেশে নিম্ন শাখাত নিজৰ ভাগ্য পৰীক্ষা কৰিছিল । ঘৰলৈ উভতি অহাৰ সময়ত তেওঁক বিজয়ীৰ দৰে আদৰণি জনোৱা হৈছিল ।

আৰম্ভ কৰিলে তেওঁৰ ৰাজনৈতিক ইনিংছ-

অলিম্পিকত পদক হেৰুৱাই বিতৰ্কৰ সন্মুখীন হৈ বিনেশে ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত লয় । কংগ্ৰেছ দলত যোগদান কৰি চলিত বৰ্ষত অনুষ্ঠিত হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানাৰ পৰা জয়লাভ কৰি বিধায়িকা হয় তেওঁ ।

শেহতীয়া প্ৰৱন্ধসমূহ