শোকাৱহ ;  কইনা থৈ উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা , গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু যুৱকৰ

ডিব্ৰুগড়ৰ লাহোৱালৰ চেচাঁ দলংত পুৱাই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নিশা দলংৰ পৰা নদীত পৰিল এখন বিলাসী বাহন । জানিবপৰা মতে টেঙাখাটৰ তামুলীখাটৰ এখন বিয়াৰ কইনা থৈ ঘুৰি আহোতে এই ঘটনাটো সংগঠিত হয়।পিছত স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ

ডিব্ৰুগড়ৰ লাহোৱালৰ চেচাঁ দলংত পুৱাই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নিশা দলংৰ পৰা নদীত পৰিল এখন বিলাসী বাহন ।

জানিবপৰা মতে টেঙাখাটৰ তামুলীখাটৰ এখন বিয়াৰ কইনা থৈ ঘুৰি আহোতে এই ঘটনাটো সংগঠিত হয়।পিছত স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ কৰা হয়।

কিন্তু দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল ঈশান গগৈ নামৰ যুৱক গৰাকী।পিছত SDRF, আৰক্ষী, স্থানীয় লোকৰ অভিযানত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।বাহনখনতেই আৱদ্ধ হৈ ঈশান গগৈৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

লাহোৱালৰ পৰা টেঙাখাট অভিমুখী পথত এই অঘটন। AMCHত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈক।

শেহতীয়া প্ৰৱন্ধসমূহ