আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি,,,প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰিব সাক্ষাৎ

দেওবাৰ (১৫ ডিচেম্বৰ)ৰ পৰা মঙলবাৰ (১৭ ডিচেম্বৰ)লৈ তিনিদিনীয়া ভাৰত ভ্ৰমণত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ । তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী

দেওবাৰ (১৫ ডিচেম্বৰ)ৰ পৰা মঙলবাৰ (১৭ ডিচেম্বৰ)লৈ তিনিদিনীয়া ভাৰত ভ্ৰমণত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ ।

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব । তিনিদিনীয়া এই ভ্ৰমণত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথ আৰু বিত্ত মন্ত্ৰালয়ৰ উপমন্ত্ৰী অনিল জয়ন্ত ফাৰ্নাণ্ডোও উপস্থিত থাকিব ।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্য-

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ তিনিদিনীয়া ভাৰত ভ্ৰমণক দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে (১৩ ডিচেম্বৰ) কয় যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ দৰে বিষয়সমূহ আলোচনা কৰা হ’ব পাৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ হ’বলগীয়া এই ভ্ৰমণৰ সময়ত দিছনায়কে ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ উপৰিও তেওঁ দেশৰ ৰাজধানী দিল্লীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিনিয়োগ আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে ব্যৱসায়িক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । একে সময়তে তেওঁ বিহাৰৰ গয়াত অৱস্থিত বোধগয়া মন্দিৰো পৰিদৰ্শন কৰিব ।

এছ. জয়শংকৰে ৰাষ্ট্ৰপতিক দিল্লীলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিল-

এছ অনুৰা কুমাৰ দিছানায়াকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত জয়শংকৰ কলম্বো ভ্ৰমণ কৰা প্ৰথমজন বৈদেশিক মন্ত্ৰী । শ্ৰীলংকা ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে দিল্লীলৈ আহিবলৈ দিছনায়েকক নিমন্ত্ৰণ কৰিছিল । দিছানায়েকেৰ পাৰ্টি ক্ষমতালৈ অহাৰ পাছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী বিশিষ্ট ব্যক্তি জয়শংকৰ ।

শেহতীয়া প্ৰৱন্ধসমূহ