পদৰ পৰা অপসাৰিত হ’ল ৰাষ্ট্ৰপতি, সংসদত গৃহীত মহাভিযোগ প্ৰস্তাৱ…

দেশত সামৰিক আইন জাপি দিয়াৰ বিতৰ্কিত প্ৰচেষ্টাক লৈ ৰাজনৈতিক সংকটৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংসদে ৰাষ্ট্ৰপতি ইউন চুক ইয়নক পদৰ পৰা অপসাৰণৰ বাবে শনিবাৰে ভোটদান কৰে । ভোটদানৰ অন্তত বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা পাৰ্ক চান-ডাইয়ে কয় যে আজিৰ মহাভিযোগ ৰাইজৰ বাবে এক বৃহৎ জয়

দেশত সামৰিক আইন জাপি দিয়াৰ বিতৰ্কিত প্ৰচেষ্টাক লৈ ৰাজনৈতিক সংকটৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংসদে ৰাষ্ট্ৰপতি ইউন চুক ইয়নক পদৰ পৰা অপসাৰণৰ বাবে শনিবাৰে ভোটদান কৰে । ভোটদানৰ অন্তত বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা পাৰ্ক চান-ডাইয়ে কয় যে আজিৰ মহাভিযোগ ৰাইজৰ বাবে এক বৃহৎ জয় ।

দৰাচলতে দক্ষিণ কোৰিয়াত সামৰিক আইন জাপি দিয়া কাৰ্য আৰু এই সিদ্ধান্ত বাতিলৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈছে । ইতিমধ্যে ব্যাপক ক্ষোভৰ পিছত ৰাষ্ট্ৰপতি ইউন চুক ইয়নৰ চীফ অব ষ্টাফকে ধৰি কেইবাগৰাকীও শীৰ্ষ কেবিনেট সহায়কে পদত্যাগ কৰিছে । ইয়াৰ পিছতে সংসদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ দাখিল কৰা হয় । এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত ইয়নক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰা হয় ।

২০৪ জন সংসদৰ সমৰ্থনত গৃহীত মহাভিযোগ প্ৰস্তাৱটো চিউলৰ সংসদ ভৱনৰ বাহিৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ বেনাৰ প্ৰদৰ্শন ইয়লক অপসাৰণৰ দাবীত শ্ল’গান দি থকাৰ সময়তে গৃহীত হয় । ৰাষ্ট্ৰপতিগৰাকী অপসাৰিত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে উল্লাসিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।

প্ৰধানমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ভূমিকা পালন কৰিব-

ইয়ন এই পদৰ পৰা অপসাৰিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী হান ডাক-ছুৱে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ভূমিকা গ্ৰহণ কৰিব । এতিয়া দক্ষিণ কোৰিয়াৰ সাংবিধানিক আদালতে ইয়নৰ শাস্তি সন্দৰ্ভত আলোচনা কৰি ১৮০ দিনৰ ভিতৰত ৰায়দান কৰিব । যদি আদালতে তেওঁক অপসাৰণৰ সমৰ্থন কৰে তেন্তে ইয়ন দক্ষিণ কোৰিয়াৰ ইতিহাসত দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব যাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ সফলতাৰে গৃহীত হৈছে । ইয়াৰ লগতে তেওঁক অপসাৰণৰ ৬০ দিনৰ ভিতৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাটো বাধ্যতামূলক ।

শেহতীয়া প্ৰৱন্ধসমূহ