ৰাজহ সচিব (Revenue Secretary) সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংক তথা আৰ বি আইৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে । আৰ বি আইৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ঠাই ল’ব মালহোত্ৰাই । আৰ বি আইৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল ১০ ডিচেম্বৰত সমাপ্ত হ’ব । উল্লেখ্য যে, আৰ বি আইৰ ২৬ সংখ্যক গৱৰ্ণৰ হ’ব সঞ্জয় মালহোত্ৰা ।
সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেটচৰ এগৰাকী আই এ এছ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া । ২০২০ চনৰ নৱেম্বৰ মাহত আৰ ই চিৰ চেয়াৰমেন আৰু এম ডি পদত অধিষ্ঠীত হৈছিল তেওঁ । ইয়াৰ পূৰ্বে তেওঁ শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি লাভ কৰিছিল । ২০২২ চনত বিত্তীয় সেৱা বিভাগৰ সচিব সঞ্জয় মালহোত্ৰাক কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চালক হিচাপে মনোনীত কৰে ।
সঞ্জয় মালহোত্ৰাৰ শিক্ষা-
সঞ্জয় মালহোত্ৰাই আই আই টি কানপুৰৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছে । আনহাতে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বিগত ৩০ বছৰে মালহোত্ৰাই শক্তি, বিত্ত, কৰ, তথ্য-প্ৰযুক্তি আৰু খনিৰ দৰে বিভাগত কাৰ্যনিৰ্বাহ কৰি আহিছে ।
শক্তিকান্ত দাসৰ কাৰ্যকাল-
শক্তিকান্ত দাস প্ৰায় ৬ বছৰ আৰ বি আইৰ গৱৰ্ণৰ পদত অধিষ্ঠীত আছিল । উৰ্জিত পেটেলৰ হঠাৎ পদত্যাগৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল । এতিয়া ১০ ডিচেম্বৰত কাৰ্যকাল সমাপ্ত হ’ব শক্তিকান্ত দাসৰ ।