কোন হয় সঞ্জয় মালহোত্ৰা ?  যি বিত্ত মন্ত্ৰালয়ত নিজৰ সামৰ্থ প্ৰমাণ কৰি নিৰ্বাচিত হয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ

আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৰাজহ সচিব সঞ্জয় মালহোত্ৰাই । মঙলবাৰে অৱসৰ লোৱা শক্তিকান্ত দাসৰ ঠাইত তেওঁ এই পদত অধিষ্ঠীত হ’ব । ১৯৯০ বেটচৰ আই এ এছ বিষয়া তথা ৰাজহ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় মালহোত্ৰাক গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়াত কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনায় । তেওঁৰ কাৰ্যকাল তিনি বছৰৰ বাবে হ’ব । আজিৰ পৰা কাৰ্যকৰী হ’ব এই কাৰ্যকাল ।

১৯৯০ বেটচৰ আই এ এছ বিষয়া সঞ্জয় মালহোত্ৰা-

সঞ্জয় মালহোত্ৰা ১৯৯০ বেটচৰ আই এ এছ বিষয়া আৰু ৰাজস্থানৰ আই এ এছ বিষয়াৰ ভিতৰত জ্যেষ্ঠতাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে । ৰাজস্থানৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহত ডেপুটেচনত কেন্দ্ৰলৈ আহিছিল তেওঁ । ইয়াত তেওঁ প্ৰথমে শক্তি মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে পদবী লাভ কৰিছিল । ইয়াৰ পিছত তেওঁ পোনপটীয়াকৈ বিত্ত মন্ত্ৰালয়ত প্ৰৱেশ কৰে । ইয়াত তেওঁ ৰাজহ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । সুধাংশ পন্টৰ পূৰ্বে ৰাজস্থানত মুখ্য সচিব পদৰ বাবে সঞ্জয় মালহোত্ৰাৰ নাম চৰ্চা চলিছিল যদিও তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে তেওঁৰ প্ৰতিভাক বিবেচনা কৰি ৰাজস্থানলৈ ঘূৰাই পঠিয়াবলৈ বিচৰা নাছিল । সঞ্জয় মালহোত্ৰাৰ অৱসৰৰ বাবে এতিয়াও ২ বছৰতকৈও অধিক সময় বাকী আছে । গতিকে আৰ বি আইত গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকালো যথেষ্ট দীঘলীয়া হ’ব পাৰে ।

ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সঞ্জয় মালহোত্ৰাই-

আই এ এছ বিষয়া সঞ্জয় মালহোত্ৰাৰ বিত্ত, কৰ, শক্তি, তথ্য প্ৰযুক্তি আৰু খননকে ধৰি মূল খণ্ডত ৩৩ বছৰৰো অধিক অভিজ্ঞতা আছে । মঙলবাৰে কাৰ্যকাল সমাপ্ত হোৱা দাসৰ ঠাইত ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ হ’ব প্ৰবীণ আমোলা মালহোত্ৰা । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক বিকাশৰ মন্থৰতাৰ দৰে প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা আৰ বি আইৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মালহোত্ৰাই এই নিযুক্তি লাভ কৰিছে । বৰ্তমান বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মালহোত্ৰাই । ইয়াৰ পূৰ্বে তেওঁ বিত্তীয় সেৱা বিভাগতো সচিব পদত অধিষ্ঠিত হৈছিল ।

আই এ এছ টপাৰ আছিল সঞ্জয় মালহোত্ৰা-

সঞ্জয় মালহোত্ৰা তেওঁৰ বেটচৰ শীৰ্ষস্থান দখল কৰিছিল । সেয়েহে তেওঁ গৃহ ৰাজ্য ৰাজস্থানৰ কেডাৰো পাইছিল । ৰাজস্থানত তেওঁ ৰাজহ, বিত্ত, স্বাস্থ্য, শক্তি আৰু কৃষি আদি বিভাগৰ সৈতে জড়িত আছিল । ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক স্নাতক মালহোত্ৰাই আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । তেওঁৰ কেৰিয়াৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, য’ত তেওঁ বিভিন্ন খণ্ডত নীতি গঢ়ি তুলিছে ।

২০২২ চনৰ ডিচেম্বৰৰ পৰা ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে-

২০২২ চনৰ ডিচেম্বৰৰ পৰা ৰাজহ সচিব হিচাপে মালহোত্ৰাই প্ৰত্যক্ষ আৰু পৰোক্ষ উভয় কৰ, কৰ নীতি প্ৰণয়নত মূল ভূমিকা পালন কৰি আহিছে । ভাৰতৰ বিত্তীয় স্বাস্থ্যৰ বাবে এক জটিল কাৰক কৰ সংগ্ৰহ বৃদ্ধিত তেওঁৰ নেতৃত্বই মূল ভূমিকা পালন কৰিছে । ভাৰতত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাঠামো প্ৰশাসনৰ দায়িত্বত থকা সংস্থা জি এছ টি কাউন্সিলৰ পদমৰ্মে সচিব হিচাপেও মালহোত্ৰাই কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে মালহোত্ৰাই আৰ ই চি লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত আছিল । ই বিদ্যুৎ প্ৰকল্পৰ বিত্তীয় সাহায্যৰ বিশেষজ্ঞ চৰকাৰী কোম্পানী ।

কিমান দৰমহা লাভ কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ? জানেনে কি কি সুবিধা লাভ কৰে তেওঁ…

ভাৰতীয় ৰিজাৰ্ভ বেংকে সঞ্জয় মালহোত্ৰাক নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিছে । এতিয়া তেওঁ শক্তিকান্ত দাসৰ ঠাই ল’ব । ৰাজস্থান কেডাৰৰ ১৯৯০ বেটছৰ আই এ এছ বিষয়া সঞ্জয় মালহোত্ৰা । ২০২৫ চনৰ ১১ ডিচেম্বৰত নতুন গৱৰ্ণৰৰ দায়িত্ব ল’ব সঞ্জয় মালহোত্ৰাই । উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই আই আই টি-কানপুৰৰ পৰা আভিযান্ত্ৰিকত অধ্যয়ন সম্পূৰ্ণ কৰিছে । ইয়াৰ উপৰিও তেওঁ প্ৰিন্সটন ইউনিভাৰ্চিটি অৱ আমেৰিকাৰ পৰা পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে । ৰাজহ সচিব হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে ।  তেওঁ আৰ ই চিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদতো অধিষ্ঠিত হৈছিল ।

দৰমহাৰ সৈতে এই সুবিধাসমূহ উপলব্ধ হ’ব-

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ দৰমহাৰ কথা ক’বলৈ গ’লে, নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ২.৫ লাখ টকাৰ দৰমহা লাভ কৰিব । উল্লেখ্য যে এই দৰমহা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহাতকৈ বেছি । দৰমহাৰ উপৰিও, আৰ বি আই গৱৰ্ণৰে ভাৰত চৰকাৰৰ হৈ বাস কৰিবলৈ এটা ঘৰ, লগতে এখন গাড়ী আৰু চালক, ঘৰৰ সহায়সহ আন বহুতো সুবিধা লাভ কৰে ।

এতিয়া ক’ত কৰ্মৰত ?

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই বৰ্তমান বিত্ত মন্ত্ৰালয়ত ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । ইয়াৰ পূৰ্বে তেওঁ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ সচিব আছিল । অৰ্থনৈতিক প্ৰশাসন, ৰাজহুৱা বিত্ত আৰু শক্তি সংস্কাৰ আদি বিষয়ৰ বিষয়ে সঞ্জয় মালহোত্ৰাৰ ভাল অভিজ্ঞতা আৰু জ্ঞান আছে । ৰাজহ বিভাগলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ।

কিমান বছৰৰ কাৰ্যকাল-

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ঠাইত লোৱা সঞ্জয় মালহোত্ৰাৰ কাৰ্যকালো শক্তিকান্ত দাসৰ দৰে তিনি বছৰৰ বাবে থাকিব । ইয়াৰ পিছত তেওঁৰ সেৱা বৃদ্ধিও কৰিব পৰা হব পাৰে । তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত শক্তিকান্ত দাসৰ ম্যাদ বৃদ্ধি কৰা হৈছিল ।

নতুন গৱৰ্ণক কোনে নিযুক্তি দিয়ে ?

কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট কমিটীয়ে সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য যে দেশৰ ২৬ জন আৰ বি আইৰ ৰাজ্যপালৰ ভিতৰত ১৩ জন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল ।

সঞ্জয় মালহোত্ৰা হ’ব ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ, ঠাই ল’ব শক্তিকান্ত দাসৰ

ৰাজহ সচিব (Revenue Secretary) সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংক তথা আৰ বি আইৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে । আৰ বি আইৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ঠাই ল’ব মালহোত্ৰাই ।  আৰ বি আইৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল ১০ ডিচেম্বৰত সমাপ্ত হ’ব । উল্লেখ্য যে, আৰ বি আইৰ ২৬ সংখ্যক গৱৰ্ণৰ হ’ব সঞ্জয় মালহোত্ৰা ।

সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেটচৰ এগৰাকী আই এ এছ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া । ২০২০ চনৰ নৱেম্বৰ মাহত আৰ ই চিৰ চেয়াৰমেন আৰু এম ডি পদত অধিষ্ঠীত হৈছিল তেওঁ । ইয়াৰ পূৰ্বে তেওঁ শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি লাভ কৰিছিল । ২০২২ চনত বিত্তীয় সেৱা বিভাগৰ সচিব সঞ্জয় মালহোত্ৰাক কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চালক হিচাপে মনোনীত কৰে ।

সঞ্জয় মালহোত্ৰাৰ শিক্ষা-

সঞ্জয় মালহোত্ৰাই আই আই টি কানপুৰৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছে । আনহাতে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বিগত ৩০ বছৰে মালহোত্ৰাই শক্তি, বিত্ত, কৰ, তথ্য-প্ৰযুক্তি আৰু খনিৰ দৰে বিভাগত কাৰ্যনিৰ্বাহ কৰি আহিছে ।

শক্তিকান্ত দাসৰ কাৰ্যকাল-

শক্তিকান্ত দাস প্ৰায় ৬ বছৰ আৰ বি আইৰ গৱৰ্ণৰ পদত অধিষ্ঠীত আছিল । উৰ্জিত পেটেলৰ হঠাৎ পদত্যাগৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল । এতিয়া ১০ ডিচেম্বৰত কাৰ্যকাল সমাপ্ত হ’ব শক্তিকান্ত দাসৰ ।