পথ দুৰ্ঘটনাৰ পিছতেই যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড ; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ গৰাকীৰ

পশ্চিম আফ্ৰিকাৰ আইভৰী কোষ্টত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত দুখন বাছৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ২৬ জন লোক নিহত আৰু ২৮ জন আহত হয়। পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেশখনৰ মধ্য-পশ্চিমৰ ব্ৰকোৱা গাঁৱত নিশা দুখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ

পশ্চিম আফ্ৰিকাৰ আইভৰী কোষ্টত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত দুখন বাছৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ২৬ জন লোক নিহত আৰু ২৮ জন আহত হয়।

পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেশখনৰ মধ্য-পশ্চিমৰ ব্ৰকোৱা গাঁৱত নিশা দুখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ পিছত দাউ দাউ কৈ জ্বলি উঠে বাছখন।

যাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হয় বাছখনৰ ২৬ গৰাকীকৈ যাত্ৰী। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।  

শেহতীয়া প্ৰৱন্ধসমূহ