অসম চৰকাৰৰ কেবিনেটে গো-মাংস নিষিদ্ধ কৰিছে অসমত। বুধবাৰৰ পৰা কাৰ্যকৰী হ’ল এই নিয়ম।অসমত হোটেল, ৰেষ্টুৰেণ্ট, উৎসৱ আৰু সামূহিক অনুষ্ঠানত গো-মাংস সেৱন নিষিদ্ধ কৰা হৈছে।ধৰ্মীয়, সামাজিক আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠানত গো-মাংস পৰিবেশন কৰা নহ’ব। অসমৰ পিছত এতিয়া ওড়িশাতো গো-মাংস নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। ওড়িশাৰ বিজেপিৰ মোহন চৰণ মাঝি চৰকাৰেও গো-মাংস নিষিদ্ধ কৰাৰ চিন্তা-চৰ্চা চলাইছে।
অসম চৰকাৰে ৰাজহুৱা স্থানত গো-মাংস খোৱা নিষিদ্ধ কৰাৰ এদিন পিছতে ওড়িশা চৰকাৰে বিধানসভাত গো-মাংস আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত।









