মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে, ঠাই দিলে ১১খন মুখক

আজি ঝাৰখণ্ডত কেবিনেট সম্প্ৰসাৰণ কৰিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে । তেওঁ মন্ত্ৰীসভাত ১১খন মুখক স্থান দিছে । ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে ৰাজভৱনত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাব । আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগা বিধায়কসকলৰ ভিতৰত আছে মিত্ৰ দল কংগ্ৰেছ আৰু আৰ জে ডিৰ

আজি ঝাৰখণ্ডত কেবিনেট সম্প্ৰসাৰণ কৰিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে । তেওঁ মন্ত্ৰীসভাত ১১খন মুখক স্থান দিছে । ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে ৰাজভৱনত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাব । আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগা বিধায়কসকলৰ ভিতৰত আছে মিত্ৰ দল কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়ক । ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৬ জন, কংগ্ৰেছৰ ৪ জন আৰু আৰ জে ডিৰ ১ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । তৃতীয়বাৰৰ বাবে গোড্ডাৰ পৰা বিধায়ক হোৱা আৰ জে ডিৰ সঞ্জয় প্ৰসাদ যাদৱে শপত গ্ৰহণ কৰিব । তেওঁ বিজেপিৰ অমিত মণ্ডলক পৰাস্ত কৰিছিল । সঞ্জয় প্ৰসাদক লালু পৰিয়ালৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয় ।

কংগ্ৰেছৰ পৰা এই বিধায়কসকলে শপত গ্ৰহণ কৰিব-

-ইৰফান আনছাৰী

-শিল্পী নেহা তিৰকে

-দীপিকা পাণ্ডে সিং

-ৰাধা কৃষ্ণ কিশোৰ

জে এম এমৰ এই বিধায়কসকল হ’ব মন্ত্ৰী-

-সুদিব্য কুমাৰ সোণু (গিৰিদিহ)

-যোগেন্দ্ৰ প্ৰসাদ (গোমিয়া)

-চামৰা লিণ্ডা (বিষণপুৰ)

-ৰামদাস সোৰেন (ঘাটশিলা)

–দীপক বীৰৱা (চাইবাছা)

-হাফিজুল হাছান (মধুপুৰ)

ইফালে আৰ জে ডিৰ পৰা সঞ্জয় প্ৰসাদ যাদৱে মন্ত্ৰীসভাত স্থান লাভ কৰিছে ।

উল্লেখ্য যে ২৮ নৱেম্বৰত ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ছোৰেনে । ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত ইণ্ডি  ব্লকে ৫৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২৪খন আসন লাভ কৰিছিল । কেবিনেটৰ প্ৰথমখন বৈঠকত ৯-১২ ডিচেম্বৰলৈ বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।