দিল্লীত অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে… দিল্লী নিৰ্বাচন সন্দৰ্ভত কেজৰিৱালৰ ডাঙৰ মন্তব্য

দিল্লীৰ উত্তৰ নগৰৰ পৰা দুবাৰৰ আম আদমি পাৰ্টিৰ বিধায়ক নৰেশ বালিয়ানক গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে ২০২৫ চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ডাঙৰ বক্তব্য প্ৰদান কৰিছে । দিল্লী বিধানসভা নিৰ্বাচনত মিত্ৰতাৰ সন্দৰ্ভত তেওঁ কয় যে ‘আমি কোনো মিত্ৰতা কৰা নাই । দিল্লীৰ

দিল্লীৰ উত্তৰ নগৰৰ পৰা দুবাৰৰ আম আদমি পাৰ্টিৰ বিধায়ক নৰেশ বালিয়ানক গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে ২০২৫ চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ডাঙৰ বক্তব্য প্ৰদান কৰিছে । দিল্লী বিধানসভা নিৰ্বাচনত মিত্ৰতাৰ সন্দৰ্ভত তেওঁ কয় যে ‘আমি কোনো মিত্ৰতা কৰা নাই । দিল্লীৰ সকলো আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে ।‘

দিল্লীৰ সকলো বিধানসভা সমষ্টিতে পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচীৰ বাবে বিজেপিয়ে লোৱা সিদ্ধান্ত সন্দৰ্ভত তেওঁ কয় যে, “তেওঁলোকক উলিয়াবলৈ দিয়ক । গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে । গণতন্ত্ৰত যিকোনো ব্যক্তিয়ে যিকোনো বস্তু উলিয়াব পাৰে ।” দেওবাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱালে এক সংবাদমেলযোগে এই মন্তব্য কৰে ।

‘দিল্লীত মিত্ৰতা নাথাকিব’

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে চলি থকা মিত্ৰতাৰ জল্পনা-কল্পনাৰ অন্ত পেলায় অৰবিন্দ কেজৰিৱালে । দৰাচলতে সংবাদমেলত এজন সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে দিল্লীত কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’ব নেকি ?  ইয়াৰ প্ৰত্যুত্তৰত কেজৰিৱালে কয়- দিল্লীত কোনো মিত্ৰতা নহয় ।

কংগ্ৰেছে মিত্ৰতাৰ বিষয়ে কি ক’লে ?

ইয়াৰ পূৰ্বে কংগ্ৰেছে দিল্লীত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছিল । দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে শুকুৰবাৰে আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতাৰ কোনো সম্ভাৱনা নাকচ কৰে । কংগ্ৰেছে দিল্লীত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰি দলটোৱে সম্ভাৱ্য প্ৰাৰ্থীৰ ওপৰত প্ৰতিক্ৰিয়া ল’বলৈ আৰম্ভ কৰিছে । তেওঁ কয়, ‘কংগ্ৰেছে যদি লোকসভা নিৰ্বাচনত আপৰ সৈতে মিত্ৰতা নকৰিলেহেঁতেন তেন্তে আমি ভাল প্ৰদৰ্শন কৰিলেহেঁতেন আৰু আনকি এখন বা দুখন আসনো লাভ কৰিব পাৰিলোহেঁতেন ।‘

শেহতীয়া প্ৰৱন্ধসমূহ